আলোচনীকিতাপপষেকীয়া

প্ৰান্তিক

অসমীয়া পষেকীয়া আলোচনী

প্ৰান্তিক অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত বিভিন্ন বিষয়ৰ একাধিক নিয়মীয়া শিতান অথবা নিত্য-নতুন প্ৰবন্ধ সন্নিবিষ্ট এখন অসমীয়া পষেকীয়া আলোচনী। ১৯৮১ চনত পোনপ্ৰথমে প্ৰকাশ পোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া। বৰ্তমানৰ সম্পাদক প্ৰদীপ বৰুৱা ৷ সহকাৰী সম্পাদক বলেন দত্ত৷

সমাজখনৰ সকলোবোৰ ক্ষেত্ৰৰ বিষয় সামৰি যেতিয়া প্ৰান্তিকৰ যাত্ৰা আৰম্ভ হৈছিল, অসমীয়া পাঠকে ইয়াক আদৰেৰে গ্ৰহণ কৰিছিল। প্ৰথমে মাত্ৰ প্ৰতিষ্ঠিত লেখকৰ লেখাৰে আৰম্ভ হোৱা প্ৰান্তিকে খুব সোনকালেই নতুন সকলক আদৰি লৈছিল আৰু অসমীয়া সাহিত্য জগতত এচাম ন-লেখক আৰু সাংবাদিকৰ সৃষ্টি কৰিছিল। অসমীয়া সাহিত্যৰ কেইবাজনো প্ৰতিষ্ঠিত লেখক আৰু সাংবাদিক যেনে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, পৰাগ কুমাৰ দাস, হিৰণ্য কাশ্যপ, সৌৰভ শইকীয়া আদি সকলে প্ৰান্তিকৰ পৃষ্ঠাতে সাহিত্য-জীৱন আৰম্ভ কৰিছিল। (উৎসঃ ৱিকিপেডিয়া)

ৱেবচাইটঃ https://prantikonline.com/

ঠিকনা
নৱগিৰি পথ, চানমাৰি, পোষ্ট বক্স-২
গুৱাহাটী, অসম-৭৮১০০৩
ফোনঃ ৭৬৩৭০১৪০৩৮, ৯৪৭৬৭৯৬০১৯

কাৰ্যালয়ৰ সময়

সোমবাৰৰ পৰা শনিবাৰলৈঃ ১০ঃ০০ বজাৰ পৰা ৫ঃ০০ বজালৈ

 

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close