আলোচনীস্মৃতিগ্ৰন্থ

অনুক্ৰম

অসম গণিত শিক্ষায়তনৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ

অনুক্ৰম
অসম গণিত শিক্ষায়তনৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ
সম্পাদকঃ ড° দিলীপ শৰ্মা
প্ৰকাশঃ ১৭ জুলাই, ২০১১

৯৮৬ চনৰ ১৮ জুলাইত প্ৰতিষ্ঠা হোৱা অসম গণিত শিক্ষায়তনে (Assam Academy of Mathematics) ২০১১ চনৰ ১৭ জুলাইত ২৫ বছৰ সম্পূৰ্ণ কৰে। সেইদিনা ৰূপালী জয়ন্তী বৰ্ষ উৎযাপনৰ সামৰণি অনুষ্ঠানত এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। ‘কেইজনমান অত্যুৎসাহী গণিত-সেৱকৰ প্ৰচেষ্টাত’ জন্ম হোৱা এই অনুষ্ঠানটোৰ হৈ একাদিক্ৰমে বহুকেইজন উদ্যমী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কাম কৰি আহিছে। সেইসকলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ মহৎ অৱদানৰ কথা সুঁৱৰি লিখা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ স্মৃতিগ্ৰন্থখনত আছে, লগতে শিক্ষায়তনৰ কাম-কাজ আৰু শিক্ষায়তনে ১৯৮৭ চনৰ জুলাই মাহৰ পৰা প্ৰকাশ কৰি থকা দ্বিভাষীক ছমহীয়া আলোচনী ‘গণিত বিকাশ’ৰ সম্পৰ্কে কিছু কথা থকাৰ উপৰিও গণিতৰ কেইটামান বিষয় তথা কেইজনমান গণিতজ্ঞৰ ওপৰতো ৰসাল প্ৰবন্ধ, সাক্ষাৎকাৰ আদিও আছে। স্মৃতিগ্ৰন্থখনৰ সম্পাদক ড° দিলীপ শৰ্মা।

টেগ

Leave a Reply

Your email address will not be published. Required fields are marked *

Close