গ্ৰন্থ আলোচনা

মোৰো এটা সপোন আছেঃ ৰুবুল মাউত

ভনিতা নাথ

গ্ৰন্থৰ নামঃ মোৰো এটা সপোন আছে
লেখকঃ ৰুবুল মাউত
প্ৰকাশকঃ পূৰ্বায়ন
মূল্যঃ ১৮০.০০
‘মোৰো এটা সপোন আছে’-এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ লগত মোৰ এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। বাৰে বাৰে পঢ়িও আমনি নালাগে। গ্ৰন্থ খন পঢ়ি লেখকৰ জীৱনত সংঘটিত প্ৰতিটো সৰু-বৰ কাহিনী ম‌ই অনুভৱ কৰি‌ চাবলৈ চেষ্টা কৰিছিলোঁ আৰু সঁচাকৈয়ে প্ৰতিটো দৃশ্যপট মোৰ চকুৰ আগত ভাঁহি উঠিছিল। তেওঁ জীৱনৰ সকলো প্ৰতিবন্ধকতাক হেলাৰঙে ওফৰাই পেলোৱাৰ সাহস গোটাইছিল মাথোঁ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সহযোগিতাৰ বাবে। ভৱিষ্যত অনিশ্চয়তাৰ কথা জানিও নিৰাশ নহৈ যি হয় হ’ব ভাবি সপোন দেখিছিল, সপোনক আপডাল কৰিছিল আৰু কঠোৰ পৰিশ্ৰমত ব্ৰতী হৈ সে‌ই সপোন বাস্তৱ কৰি তুলিছিল। সঁচা অৰ্থত লেখক ৰুবুল মাউত মোৰ বাবে এক আশ্চৰ্য। দৰিদ্ৰতাৰ হেজাৰ প্ৰতিকূলতাক নেওচি সপোন দেখি দেখিয়েই আমেৰিকাৰ এজন প্ৰখ্যাত বিজ্ঞানী হোৱা অসমৰ সুযোগ্য সন্তান ৰুবুল মাউত।

গ্ৰন্থখনৰ পাতে পাতে আছে ৰুবুল মাউতৰ সংগ্ৰামৰ জীৱন্ত কাহিনী। যাক অতি সৰলতাৰে, অকৃত্ৰিমভাৱে তেওঁ প্ৰকাশ কৰিছে। আচলতে এটা কথা স্বীকাৰ নকৰি নোৱাৰি-“ৰুবুল মাউতৰ অন্তৰস্পৰ্শী সংগ্ৰামী সত্তাই মোক জোকাৰি গৈছিল।” পঢ়ি থাকোঁতে কিমানবাৰ যে হাওহাওকৈ কান্দি উঠিছিলো তাৰ হিচাপ নাই। আমি বহু অনুপ্ৰেৰণাদায়ক কিতাপত বিশেষ আদৰ্শনীয় দিশ বিচাৰি লেখকজনক এখন বেলেগ স্থানত উপবিষ্ট কৰি এক পৃথকতাৰ অনুভৱ কৰোঁ। কিন্তু ৰুবুল মাউতক কোনো ফালৰপৰাই বেলেগ যেন লগা নাছিল। তেওঁ আমাৰ দৰেই এজন সাধাৰণ মানুহ বুলি অনুভৱ হৈছিল। যাৰ কোনো জন্মগত প্ৰতিভা নাছিল। অথচ অনুশীলনৰ জৰিয়তে নিজে নিজেই সকলো আয়ত্ত কৰি লৈছিল। দুখীয়া পৰিয়ালৰ হোৱা বাবেই নীচাত্মিকাবোধত ভুগিছিল।

আমাৰ সমাজৰ বহু ল’ৰা-ছোৱালীৰ দৰেই তেওঁ ইংৰাজী ক’ব নোৱাৰা সমস্যাত ভুগিছিল। অথচ তেওঁ নিজৰ দোষ-দুৰ্বলতা আঁতৰাবলৈ হা-হুমুনিয়াহ নাকাঢ়ি কঠোৰ পৰিশ্ৰম কৰি দুৰ্বলতাক জিনিছিল। ৰুবুল মাউত ব্যতিক্ৰম ঠিক সেইখিনিতেই। ৰুবুল মাউতৰপৰা, তেওঁৰ সংগ্ৰামী সত্তাৰ জীৱন গাঁথা সম্বলিত ‘মোৰো এটা সপোন আছে’ৰপৰা শিকিবলগীয়া অনেক কথাই আছে। অকল শিকিলে বা অনুধাৱন কৰিলেই নহ’ব। তাক ব্যৱহাৰিক দিশত বা কাৰ্যক্ষেত্ৰত পালন কৰি দেখুৱাব পাৰিব লাগিব। মুঠতে ‘মোৰো এটা সপোন আছে’ এগৰাকী ব্যক্তিৰ জীৱনত অনুপ্ৰেৰণাৰ আঁকৰ হিচাপে গ্ৰহণ কৰিব পৰা এখন অৱশ্যেই পঠনীয় গ্ৰন্থ।

গ্ৰন্থখনৰ বিষয়ে লেখিকাৰ এটি ভিডিঅঃ

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close