গ্ৰন্থ আলোচনা

অন্তৰতমঃগীতালি বৰা

ভনিতা নাথ

কিতাপৰ নাম: অন্তৰতম
লেখক: গীতালি বৰা
প্ৰকাশক : বনলতা
প্ৰথম প্ৰকাশ : ২০২০
মূল্য: ₹৩৩০.০০
ISBN : 978-93-89644-25-8

ন্তৰতম কথাবোৰ কোৱাটো সহজ নহয়। অন্তৰতম যাতনা, ক্ষোভ, ভালপোৱা, জেদ; অন্তৰতম প্ৰাৰ্থনা আৰু হুমুনিয়াহ প্ৰকাশ কৰাটো সহজ নহয়।

সঁচাকৈয়ে সহজ নহয়। অথচ অতি সুক্ষ্ম বিশ্লেষণ, হৃদয়স্পৰ্শী বৰ্ণনাৰে ঔপন্যাসিক গীতালি বৰাই ‘অন্তৰতম’ উপন্যাসত অন্তৰতম প্ৰতিটো যাতনা, ক্ষোভ, ভালপোৱা, জেদ, প্ৰাৰ্থনা, হুমুনিয়াহ প্ৰকাশ কৰিছে।

মৰম আৰু যত্নৰ মাজত বাঢ়ি অহা এটা জীৱন যেতিয়া পৃথিৱীৰ এক কঠিনতম সত্যৰ সন্মুখীন হয় — সন্মুখত আন্ধাৰৰ বাদে একোৱে নাথাকে, আন্ধাৰৰ শিল কাটি কাটি পোহৰৰ বাট উলিয়াই খোজ দিয়াটো সহজ নহয়। কিন্তু যদিহে সেই কঠিনতম সত্য‌ই পোহৰৰ শিখা হৈ উঠে, অথবা জোনাকী পৰুৱা?

গীতালি বৰাই ‘একাষাৰ’ৰ পৰাই পাঠকক বান্ধিবলৈ আৰম্ভ কৰে। Semi-autobiographical বা আত্মজৈৱনিক যদিও কল্পনাৰ সংমিশ্ৰণত সৃষ্ট উপন্যাসখন ঔপন্যাসিক গীতালি বৰা আৰু তেওঁৰ জীয়ৰী ঝিলক কেন্দ্ৰ কৰি সৃষ্ট। ঝিল বিশেষভাৱে সক্ষম শিশু আৰু গীতালি বৰা? ডা° কুলদীপৰ ভাষাৰেই God chosen woman. উপন্যাসখন পঢ়ি বুজিছোঁ ডা° কুলদীপে ঠিকেই কৈছে-” সকলো শিশু ভগৱানৰ সন্তান। বিশেষভাৱে সক্ষম শিশুসকল ভগৱানৰ বিশেষভাৱে প্ৰিয় সন্তান। তেওঁ এনে শিশুক সেইবোৰ মানুহৰ জীৱনলৈহে পঠিয়ায়, যি ‘বিশেষ’ – যি এনে এটি শিশুক মৰম, যত্ন আৰু ভালপোৱাৰে সামৰি ৰাখি ডাঙৰ কৰিব পাৰে। You are a God Chosen Woman.”

৪১২ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ উপন্যাসখনৰ আৰম্ভণি Sylvia Plath ৰ কবিতাৰ উদ্ধৃতিৰে। ‘ঝুম্পা’ নামৰ বিশেষ শিশুটিৰ চিজাৰ অহাৰ লগে লগে সন্মুখীন হোৱা মানুহৰ অমানৱীয় আচৰণৰ মাজতে মমতাময়ী মাতৃৰ সমানেই জোনাকী পৰুৱাৰ দৰেই পোহৰৰ ৰেঙণি যোগাই সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ নাৰ্চগৰাকীৰ সহায়, এই সহায়েৰেই জোনাকী পৰুৱা হৈ আন্ধাৰত পোহৰৰ বাট কাটি গুৱাহাটীলৈ নিয়া পথছোৱাৰ অভিজ্ঞতা ভাবিলেই ভয়লগা। ঝিলৰ বিশেষ সক্ষমতাৰ কাহিনীয়েই উপন্যাসৰ কাহিনীক গতি দিছে, ইয়াৰপৰাই সংযোজিত হৈছে বিভিন্ন উপকাহিনী। প্ৰতিটো কাহিনীৰে নিজস্বতা আছে অথচ ঘুৰি ঘুৰি একেটা বিন্দুতে কেন্দ্ৰীভূত হৈছে। ঝুম্পা-প্ৰিয়াৰ পৰিপূৰক হিচাপে কাহিনীক গতি দিছে নিলম-গাৰ্গীয়ে। লগতে পাকঘূৰণি খাই আছে আদিত্য, তন্ময়, অভিজ্ঞান, সৈকত আৰু নাৰী-পুৰুষৰ বিচিত্ৰ সম্পৰ্কৰ খতিয়ান। শাৰীৰিক-মানসিক সম্পৰ্ক, চিন্তা-চেতনাক মনো-বিশ্লেষণাত্মক দৃষ্টিৰে যথাৰ্থ চিত্ৰণ কৰাত সক্ষম হৈছে ঔপন্যাসিক। যেনে :

এহাল নৰ-নাৰীৰ প্ৰেমহীন সম্পৰ্কৰ ক্ষেত্ৰত-

বহুদিন তাইৰ শৰীৰ অনাঘ্ৰাত, অস্পৰ্শিত হৈ ৰৈছে। প্ৰচণ্ড জেদ আৰু ক্ষোভে, আচৰিত এক ধৰণৰ যাতনাই তৰপে তৰপে তাইৰ শৰীৰত বাহ বান্ধিছে– এই তৰপবোৰ কিজানি শিলৰ চামনি এখনৰ দৰে কঠিন। এই কাঠিন্য ভেদ কৰি তন্ময়ৰ স্পৰ্শ‌ই তাইৰ আত্মা চুবগৈ নোৱাৰে। আত্মা উদ্বেলিত নহ’লে তাইৰ শৰীৰ নাজাগে।

পিতা-পুত্ৰীৰ সম্পৰ্কৰ ক্ষেত্ৰতো অবিশ্বাসে ঢৌৱাই যোৱা নাৰীৰ অৱচেতন মনৰ চিন্তা-

নীলা নাই। তন্ময়ে কোলাত শোৱা কোঠালৈ লৈ গৈছে তাইক। বিছনাখনত ধপকৈ বহুৱাই দিয়াকৈ তাইৰ মনলৈ যি ভাৱ আহিল তাৰ বাবে তাই নিজকে ধিক্কাৰ দিলে। কিন্তু তাইৰ পৃথিৱীখন অবিশ্বাসেৰে ভৰা।

স্বামী-স্ত্ৰীৰ সম্পৰ্কত অবিশ্বাসে বাহ বান্ধিলে-

চিঞৰি আদিক পাকঘৰলৈ মাতিছিল তাই আৰু স্পষ্ট ভাষাৰে কৈছিল-‘ম‌ই জ্বলি যাবৰ বাবেই তুমি এই ব্যৱস্থা কৰিছিলা নহয়।’অবাক-স্তম্ভিত-বিব্ৰত আদিত্য‌ই প্ৰথমে একো বুজা নাছিল।

পৌৰুষ অহংকাৰ জাগি উঠাৰ কাহিনী-

নিশ্চল, নিথৰ শৰীৰ আৰু তাইৰ শীতলতাই আদিত্যৰ পৌৰুষ অহংকাৰ জগাই তুলিলে।

গোটেই জীৱন -আনকি মোক ছলনা কৰাৰ পাছতো, তেওঁৰ মৃত্যুৰ পাছতো মই কেৱল তন্ময়কে ভাল পাওঁ।

নাৰীৰ একান্ত, একাগ্ৰ, সুতীব্ৰ ভালপোৱা আপোনজনৰ প্ৰতি-

গোটেই জীৱন -আনকি মোক ছলনা কৰাৰ পাছতো, তেওঁৰ মৃত্যুৰ পাছতো মই কেৱল তন্ময়কে ভাল পাওঁ।

পুৰুষৰ পুৰুষত্বক আঘাত কৰাৰ কাহিনী-

আৰু সৈকতৰ বেডৰুমত সিহঁতৰ উদ্দাম দুটা নাঙঠ শৰীৰ এক হৈ গ’ল। পানী-বালি-বতাহ-দোকমোকালিৰ আভা একোৱেই নাছিল তাত। কিন্তু সৈকতৰ বাবে এই প্ৰাপ্তি কোনো গুণে কম নাছিল।…’ম‌ই তোক ভাল পাওঁ গাৰ্গী ।’…’কিন্তু মই তোক ভাল নাপাওঁ সৈকত।’… বিস্ময় আৰু তীব্ৰ এক আঘাতত তাৰ দুচকু সেমেকি উঠিল।

সম্পৰ্কৰ যাদুকৰী মনো-বিশ্লেষণ, অন‌্বেষণ, উদ্ঘাটন ‘অন্তৰতম’।
তদুপৰি চিত্ৰশিল্প আৰু কথাশিল্পৰ সাংঘাতিক সমন্বয়। কাহিনীৰ প্ৰতীকাত্মক উপস্থাপনত চিত্ৰকৰ্ম‌ই বিশেষ ভূমিকা পালন কৰিছে, বিশেষকৈ অজগৰকেন্দ্ৰিক বৰ্ণনাসমূহ। ঠায়ে ঠায়ে চিত্ৰকল্পৰ বৰণীয় প্ৰয়োগ মন কৰিবলগীয়া। উদাহৰণ স্বৰূপে-

১.

কিন্তু লাৰু পাতি পাতি আকাশৰ পৰা ওলমি পৰা মেঘবোৰৰ দৰে তাইৰ ভিতৰতো একাকী সুৰ এটা লাৰু বান্ধি বান্ধি ওলমি পৰিছিল ।

২.

চৌপাশৰ পৃথিৱীক আওকাণ কৰি এক মাতৃয়ে তেওঁৰ ভোকাতুৰ সন্তানৰ মুখত গুঁজি দিছে যাতনাৰে হালি পৰা শুকান এটি স্তন ।

উপন্যাসখন বিশেষভাৱে সক্ষম শিশু ঝুম্পাকেন্দ্ৰিক হৈও ঝুম্পাৰ দৰেই প্ৰতিটো শিশুৰ কাহিনী । সমান্তৰাল ভাৱে আমাৰ সমাজখনৰ কাহিনী । প্ৰিয়াৰ দৰে এগৰাকী মাতৃৰ কাহিনী হৈও বিভিন্ন ধৰণে সংগ্ৰামত লিপ্ত সমাজৰ বিভিন্ন মাতৃ তথা নাৰীৰ কাহিনী । একো একোটা সংগ্ৰামী সত্তাৰ কাহিনী । তথাপিও জীৱন আশাৰ বাহক । ঔপন্যাসিকৰ ভাষাত-
জীৱন আমৃত্যু এক সংগ্ৰামৰে নাম । যাৰ শক্তি থাকে তেওঁকে অদৃষ্ট‌ই নিৰন্তৰ যুঁজিবলৈ আৰু জয়ী হ’বলৈ দিয়ে ।

আশাবোৰ ইমান ধুনীয়া ।
ইমান কোমল ।
পখিলাৰ দৰে ।
ফুলৰ দৰে ।
ৰঙা-জিঞা অথবা শিমলু তুলাৰ দৰে ।

 

অন্তৰাত্মাৰ অটল গভীৰত থকা সত্যবোৰৰ অন্বেষণোতো মানুহৰ জীৱন জিজ্ঞাসাৰ এটা অংশ” আৰু এই অন্বেষণৰে অন্তত তেওঁ অজগৰৰ বন্ধনৰপৰা মুক্ত হৈ কৈ গৈছে-“মোৰ চেতনাত ভৰ কৰি থকা একাকীকত্ব, সুতীব্ৰ হাহাকাৰ, মৃত্যু বাসনা– যিয়েই নোহোৱা তুমি, এতিয়া আঁতৰি যোৱা । মোৰ অক্ষম সন্তানৰ জীৱনৰ অন্তিম দিনটোলৈকে মই জীয়াই থাকিব খোজোঁ ।

শেষত আশাবাদী ঔপন্যাসিকে চেতনাত অহৰহ ময়াপী অজগৰৰ অস্তিত্ব লৈ, বুকুত মহাশূন্যৰ ভাৰ লৈ অন্তৰতম সত্যৰ উদ্ঘাটন কৰিছে-“ৱিথ অল ইটছ্ ৱৰিজ, লাইফ ইজ বিউটিফুল ।’…বিপুল যাতনাই মানুহৰ আত্মাক উত্তৰিত কৰে ।… সকলো যাতনা আৰু শংকাৰ মাজতো জীৱন অনন্য । পৃথিৱী ধুনীয়া ।”

গ্ৰন্থখনৰ বিষয়ে লেখিকাৰ এটি ভিডিঅঃ

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close