লেখক : হোমেন বৰগোহাঞি
প্ৰথম প্ৰকাশ : ২০০৭ (অক্টোবৰ)
মূল্য : ৭০ টকা
জীৱনটো সহনীয় কৰি তুলিবলৈ মানুহে সকলো সময়তে কিবা নহয় কিবা কামত নিজকে ব্যস্ত কৰি ৰাখিবই লাগিব। মানুহে প্ৰতি মুহূৰ্ততে পৰিপূৰ্ণভাৱে জীয়াই থকা বুলি অনুভৱ কৰিব পৰাৰ আটাইতকৈ সহজ আৰু উত্তম উপায়টো হ’ল মানুহে যেতিয়া যিটো কামকে কৰে “সৰু-বৰ যিকোনো কাম” সেই কামটো কৰি ভাল পাবলৈ শিকা; কামটো কৰি আনন্দ পোৱা। আলস্য, কৰ্মবিমূখ মানুহেও নকৰোঁ নকৰোঁ বুলি জীৱনত বহুত কাম কৰিব লগা হয়। কিন্তু প্ৰতিটো কামকেই যদি অতিশয় অনিচ্ছা আৰু বিৰক্তিৰেহে কৰে, কামটো কৰি বিন্দুমাত্ৰও তৃপ্তি নাপায়, তেন্তে গোটেই জীৱনটো হ’ব এটা বিৰক্তিকৰ কামৰ পৰা আন এটা বিৰক্তিকৰ কামলৈ, এটা বিমৰ্ষ আৰু বিস্বাদ দিনৰ পৰা আন এটা বিমৰ্ষ আৰু বিস্বাদ দিনলৈ অতিশয় ক্লান্তিকৰ ভ্ৰমণ মাত্ৰ। প্ৰতিটো কামকেই বিৰক্তিদায়ক বুলি অনুভৱ কৰাৰ একমাত্ৰ অৰ্থ হ’ল গোটেই জীৱনটোকেই বিৰক্তিৰে ভৰাই তোলা। সকলো শূন্যতা পূৰ্ণ কৰে কেৱল কামে। কাম কেৱল এটা উপায় নহয়; ই নিজে এটা লক্ষ্য। অৰ্থাৎ কামৰ কিবা প্ৰতিদান পোৱাৰ আশাতহে যে মানুহে কাম কৰিব লাগে তেনে নহয়; কাম কৰাৰ আনন্দ পাবৰ কাৰণেও মানুহে কামটো কৰিব লাগে।
এইদৰে বৰগোহাঞিদেৱে কিতাপখনৰ মাধ্যেমেৰে কামৰ মহত্বক প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। কামৰ প্ৰতি অনীহা থকা লোকসকলে এই কিতাপখন এবাৰ পঢ়াৰ আৱশ্যকতা আছে বুলি মই ভাৱো। কামে আমাক বহু দুঃচিন্তাৰ পৰা ৰক্ষা কৰে। কামত বিশ্বাস ৰাখিলে মানুহৰ উন্নতি নিশ্চিত।