কিতাপগ্ৰন্থ আলোচনাপ্ৰবন্ধ

সোণালী সংখ্যা

বিপুলজ্যোতি শইকীয়া

সোণালী সংখ্যা
বিপুলজ্যোতি শইকীয়া
প্ৰকাশক- ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্, গুৱাহাটী।
মূল্যঃ ১০০.০০ টকা

বিপুলজ্যোতি শইকীয়া।
বিপুলজ্যোতি শইকীয়া।

য়াত গণিত বিষয়ক মুঠ এঘাৰটা ৰসাল প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ প্ৰান্তিক, গণিত বিকাশ, সাদিন, প্ৰত্যয়, দি চিণ্টিনেল, দি টেলিগ্ৰাফ আদিত প্ৰকাশ পাইছিল। কবি হিচাপে পৰিচিত বিপুলজ্যোতি শইকীয়া এগৰাকী প্লাজমা বিজ্ঞানী। গণিতৰ প্ৰতি তেখেতৰ ধাউটি বহুত। এই গ্ৰন্থখনৰ ভাষা ইমানেই ৰসাল যে সকলো পাঠকেই গ্ৰন্থখন পঢ়ি আনন্দ লাভ কৰিব আৰু কিছু কথা শিকাৰ উপৰিও নিজেও গণিত চৰ্চাৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা পাব। গণিত বিষয়ক অসমীয়া ভাষাত কেৱল দুই-তিনিখনহে প্ৰবন্ধ সংকলন থকা হেতুকে এনেকুৱা ধৰণৰ এখন গ্ৰন্থ লিখা বা প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এই গ্ৰন্থখন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

অনেক বিস্তৃত বিষয়ৰ প্ৰতি থকা বহু বিষয়কেন্দ্ৰৰ ৰাপ আৰু গণিত আৰু পদাৰ্থবিজ্ঞানৰ বিদ্যায়তনিক অভিজ্ঞতাই নিঃসন্দেহে ড০ বিপুলজ্যোতি শইকীয়াক এককভাৱে এনে এখন পুথি ৰচনা কৰাৰ বাবে যোগ্য় কৰি তুলিছে। সংখ্যাৰ জগৎ আৰু কাব্যৰ জগতৰ মাজৰ একৰ লগৰ একৰ সম্পৰ্কটো স্থাপন কৰিব পৰাৰ কাৰণেই শইকীয়াই অৱলীলাক্ৰমে ‘দুই সংস্কৃতি’ৰ জগতক বাস্তৱৰ জগতখনৰ লগত একাকাৰ কৰিবলৈ সক্ষম হৈছে। অকল সেয়ে নহয়, তেওঁ পঢ়ুৱৈক দুই সংস্কৃতিৰ মিলনোদ্ভৱ আনন্দানুভূতিৰ ভাগ ল’বলৈ প্ৰেৰণা যোগাইছে।

এই সৰু পুথিখনত ইমানবোৰ বিষয়ৰ ঘ্ৰাণ সুমুৱাই ৰখা হৈছে যে ভাবি আচৰিত নহৈ নোৱাৰি। নিঃসন্দেহে ইয়াত উল্লেখ কৰা প্ৰতিটো তথ্য বা গাণিতিক উপপাদ্য লেখকে আনৰ পৰা বোটলা, কিন্তু বিষয়-বস্তুৰ উপস্থাপনৰ পদ্ধতি, ইটোৰ লগত সিটো খাপ খাই যোৱাকৈ গল্প, ৰসিকতা, কবিতাৰ শাৰীৰ উদ্ধৃতি, গাণিতিক ধাৰণাৰ পৰা কাব্যিক ধাৰণালৈ মসৃণ উত্তৰণৰ যি প্ৰক্ৰিয়া  – এই সকলোবোৰতে লেখকৰ সৃষ্টিশীল মৌলিকতাৰ ছাপ বিদ্যমান।

– ড০ পৰমানন্দ মহন্ত

এই পুথিখনে জনপ্ৰিয় বিজ্ঞানৰ শ্ৰেষ্ঠ পুথি হিচাপে ২০০০ চনত অসম সাহিত্য সভাৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰিছিল।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close