আলোচনীকিতাপবিশেষ

আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা

শান্তনু কৌশিক বৰুৱা

[ ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ ষটষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যাত (জুন-জুলাই-আগষ্ট: ২০১১ খ্ৰীষ্টাব্দ) প্ৰকাশিত এই প্ৰবন্ধটি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ জালপঞ্জীত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে শান্তনু কৌশিক বৰুৱাদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰবন্ধটোৱে কৌতুহলী পাঠক, সমালোচক, লেখক সকলোকে নিঃসন্দেহে অলেখ তথ্য-বস্তুৰ যোগান ধৰিব। তাৰোপৰি প্ৰবন্ধটিৰ জড়িয়তে পাৰহৈ যোৱা দশক তিনিটাৰ ‘অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণৰ’ কিছু পৰিচয় লাভ কৰাৰ উপৰিও এক উন্নত মনদণ্ডক স্পৰ্শ কৰিব বিচৰা বা নতুনকৈ প্ৰকাশ কৰিব বিচৰা আলোচনী এখনৰ বাবে প্ৰয়োজনীয় লক্ষ্য আৰু দৃঢ়তাৰ সম্পৰ্কে কিছু স্বচ্ছ ব্যাখ্যাও লাভ কৰিব পৰা যাব। ]
শান্তনু কৌশিক বৰুৱা
শান্তনু কৌশিক বৰুৱা

ইংৰাজীত যাক কোৱা হয় ‘মেগাজিন’ (Magazine) অসমীয়াত তাৰেই প্ৰতিশব্দ হ’ল আলোচনী। এইটো শব্দ আৰৱী ভাষাৰ ‘মাখাজিন’ৰ পৰা অহা। আৰৱী ভাষাত ‘মাখাজিন’ৰ অৰ্থ চিপাহী চন্তৰীৰ বয়-বস্তু থোৱা ভঁৰাল। মালখানা। তাৰ পৰাই যিকোনো বস্তু-বাহানি মজুত কৰি থোৱা ঠাইকে বোলা হয় ‘মেগাজিন’। সৈন্যৰ লগত সম্পৰ্ক থকা বাবেই খাৰ-বাৰুদৰ চৰকাৰী বা বেচৰকাৰী ভঁৰালৰ নাম হ’ল ‘মেগেজিন’। বন্দুক-ৰাইফল-পিষ্টল আদিৰ গুলিবোৰ ব্যৱহাৰৰ উপযোগীকৈ কুন্দাত বা টিগাৰৰ তলত সোমাই থোৱা আধাৰাটোকো ‘মেগজিন’ বোলে। যুদ্ধ ক্ষেত্ৰৰ পৰা ভাষা-সাহিত্যৰ পথাৰলৈ আহি ‘মেগজিন’ বা ‘মেগাজিন’ শব্দটোৱে বুজালে সাহিত্যিক সম্ভাৰৰ ভঁৰাল, সাময়িক ভঁৰাল, অৰ্থাৎ, আমি যাক সাময়িক পত্ৰিকা বা আলোচনী বোলো।

The Arunodoi Age, 1840-1880: Assam's Monthly Magazine of News and Views‘অৰুনোদই’ৰ যোগেদিয়েই অৰুণ উদয় হোৱা অসমৰ সংবাদপত্ৰ তথা আলোচনীয়ে অঞ্চলটোত ভূমুকি মাৰে ১৮৪৬ চনত। ইয়াৰ পাছত ‘জোনকী’, ‘আৱাহন’, ‘ৰামধেনু’ আদি আলোচনীয়ে আসমীয়া আলোচনীৰ ধাৰাটো সমৃদ্ধ কৰি তোলে। আৰম্ভণি কালৰ অসমীয়া আলোচনীসমূহৰ প্ৰচলন-পৰিচালনাৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে ব্যৱসায়িক দৃষ্টিভংগীৰে সেইবোৰ প্ৰকাশ কৰা হোৱা নছিল (কুটীৰ শিল্প বুলিলেও চলে) । ব্যৱসায়িক সাফল্য আহিব পৰাকৈ সেইবোৰ আলোচনীৰ প্ৰচলন সংখ্যাও আশানুৰূপ নাছিল। প্ৰচাৰ-প্ৰসাৰ বৃদ্ধিৰ বাবে অভিযান, আলোচনীৰ মুদ্ৰণ পাৰিপাট্য প্ৰভৃতি বিষয় সেইবোৰ আলোচনীত প্ৰায় উপেক্ষিত হৈয়েই আছিল। সঁচা কথা ক’বলৈ গ’লে, আলোচনী এখনক সেই সময়ত উদ্যোগ হিচাপে গ্ৰহণ কৰাটো অকল্পনীয় কথা আছিল। কোনো এটা সাময়িক সংখ্যাত বা বিশিষ্ট সম্পাদকৰ ব্যক্তিত্ব বা লেখাৰ জোৰত কোনো এখন আলোচনীয়ে সাময়িকভাৱে লাভ (আৰ্থিক) কৰিলেও পৰবৰ্তী কালত সেই আৰ্থিক সমৃদ্ধিৰ পাৰম্পৰ্য ৰক্ষা হোৱা নাছিল। সেই সময়ত আলোচনী আছিল কেৱল মতামত প্ৰকাশৰ মাধ্যম, সংগ্ৰাম আৰু সংস্কাৰৰ আহিলা। দেশপ্ৰেম, ভাষাপ্ৰেম, স্বাধীনতাৰ প্ৰতি আগ্ৰহেই আছিল সেই আলোচনীৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

কিন্তু আশীৰ দশকটোত, অৰ্থাৎ, অসম আন্দোলনৰ সময়ৰে পৰা অসমৰ আলোচনীৰ জগতলৈ এটা অভাৱনীয় ঢল আহিল আৰু পৰৱৰ্তী সময়ছোৱাত ই অধিক তীব্ৰতৰ ৰূপত আত্মপ্ৰকাশ কৰিলে। এই ঢলৰ দুপাৰৰ পলসত অসমীয়া আলোচনীয়েও নতুন ৰূপত গা কৰি উঠিল। অসমীয়া আলোচনীৰ ইতিহাসতো এক নতুন সম্ভাৱনাৰ সূচনা হ’ল। পাঠক সমাজৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনীসমূহে পূৰ্বৰ কেৱল সাহিত্য-সংস্কৃতিৰ চৰ্চাতে আবদ্ধ নাথাকি ৰাজনীতি, অৰ্থনীতি, সামাজিক ঘটনাৱলী আদি বিভিন্ন দিশত আলোকপাত কৰাতো মনোনিবেশ কৰিলে।

এইখিনিতে এটা মন কৰিব লগীয়া কথা হ’ল যে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ অধীন হোৱাৰ পৰা সাম্প্ৰতিক কাললৈকে, এই কালছোৱাক ‘আধুনিক যুগ’ আখ্যা দিয়া হৈছে যদিও এই সময়ৰ ভিতৰত সৃষ্টি হোৱা অসমীয়া সাহিত্যৰাজিৰ যুগ বিভাগ কিন্তু একোখন আলোচনীৰ নামেৰেহে কৰা হৈছে। আধুনিক অসমীয়া সাহিত্যৰ এই যুগ বিভাগ ‘অৰুনোদই’ত আৰম্ভ হৈ ক্ৰমে ‘জোনাকী’, ‘আৱাহন’, আৰু ‘ৰামধেনু’ত শেষ হৈছে। আলোচনীৰ নামেৰে সাহিত্যৰ যুগ-বিভাগ কৰাৰ দৃষ্টান্ত বিশ্ব সাহিত্যত বিৰল। ‘ৰামধেনু’ৰ পাছৰ পৰা কোনোখন আলোচনীয়ে যুগ সৃষ্টিৰ দায়িত্ব বহন কৰিব পৰা নাই। ভাবিলে আচৰিত হ’ব লাগে, যিটো ভাষাৰ সাহিত্যৰ যুগ বিভাগ একোখন আলোচনীয়ে নিৰ্ণয় কৰিছে, যিটো ভাষাৰ সাম্প্ৰতিক সাহিত্য প্ৰায় আলোচনীসৰ্বস্ব, সেইটো ভাষাত এতিয়া কিন্তু এখনো, জাতীয় পৰ্যায়ৰ আলোচনী নাই।

উকা দৃষ্টিৰে চালে অসমত যোৱা দশকবোৰত যথেষ্ট সংখ্যক আলোচনীৰ জন্ম হৈছে যেন লাগিলেও, এইটো কথা ঠিক জন্মৰ দৰেই অসমীয়া আলোচনীৰ মৃত্যুৰ হাৰো অতি বেছি। অসমীয়া আলোচনীৰ বেছিভাগৰে জন্ম হওঁতে যিমান সময় লাগে, মৃত্যু তাতকৈ বহু কম সময়তে হয়।

যি কি নহওক, অল্পায়ু হ’লেও এই আলোচনীবোৰৰ অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি উলাই কৰিব নোৱাৰি। এই লেখাত ৮০-ৰ পৰৱৰ্তী আলোচনীসমূহৰ এটি চমু লেখ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। প্ৰসংগতে উল্লেখযোগ্য যে এই আলোচনা ৮০-ৰ পৰৱৰ্তী অসমীয়া আলোচনীৰ সম্পূৰ্ণ অৰু সৰ্বশেষ আলোচনা নহয়। নিম্নলিখিত আলোচনীখিনিৰ উপৰি আৰু বহু আলোচনীয়ে অসমীয়া আলোচনীৰ উত্তৰণ আৰু বিকাশত স্মৰণীয় বৰঙণি যোগাইছে। এই লেখাত ৮০-ৰ পৰৱৰ্তী অসমীয়া আলোচনীৰ এক সম্যক ধৰণা (নামোল্লেখ বুলিলেও চলে) দিবলৈ প্ৰয়াস কৰা হৈছে,- ই উল্লিখিত সময়ছোৱাৰ অসমীয়া আলোচনীৰ পূৰ্ণাংগ ইতিহাস নহয়।

প্ৰান্তিক:
Prantik - Wikipediaআশীৰ দশকটোৰ আৰম্ভণিতে প্ৰকাশিত আৰু সেইটো দশকৰ এখন বিশেষ উল্লেখযোগ্য পষেকীয়া বাৰ্তালোচনী হ’ল ‘প্ৰান্তিক’ (১৯৮১)। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া (মুখ্য সম্পাদক) আৰু প্ৰদীপ বৰুৱাৰ (সম্পাদক) সম্পাদনাত প্ৰকাশিত প্ৰন্তিকে ইতিমধ্যেই ‘অৰুনোদই’, ‘জোনাকী’, ‘ৰামধেনু’ৰ দৰেই অসমীয়া সাহিত্যত এক যুগ সৃষ্টিৰ আশা বহন কৰিছে বুলিলেও বোধহয় বঢ়াই কোৱা নহ’ব। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰয়োজনীয় সকলো ক্ষেত্ৰৰ প্ৰতি দৃষ্টি ৰাখিবলৈ, বিজ্ঞান সম্পৰ্কে এক সঠিক মানসিকতা গঢ়ি তুলিবলৈ, অসমীয়া ভাষাত চলা সৃষ্টিশীল সাহিত্যকৰ্মৰ স্পষ্ট প্ৰতিফলন ঘটাবলৈ, আন ভাষাৰ সাহিত্যৰ লগত প্ৰয়োজনীয় সম্পৰ্ক স্থাপন কৰিবলৈ, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সেইবোৰৰ বিশ্লেষণৰ লগত পাঠকক ঘনিষ্ঠ কৰি ৰাখিবলৈ চলোৱা ঐকান্তিক প্ৰচেষ্টাৰ বাবে বৰ্তমানে অসমত ‘প্ৰান্তিক’ এখন প্ৰাতঃস্মৰণীয় পষেকীয়া হৈ পৰিছে। অসমীয়া ভাষা-শৈলীক যথাৰ্থ ৰূপত প্ৰতিষ্ঠা কৰাত আৰু লেখতকৈও বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰতো ‘প্ৰান্তিক’ৰ যি প্ৰচেষ্টা, সি নিঃসন্দেহে অভিনন্দনযোগ্য। ‘প্ৰান্তিক’ৰ এনে প্ৰচেষ্টাই নতুন লেখক-লেখিকাসকলক আশাতীতভাৱে উপকৃত কৰিছে আৰু ইয়াৰ লগে লগে অসমৰ আন আন আলোচনীতো ‘প্ৰান্তিক’ৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰা নবীন কবি, সাহিত্যিক, গল্পকাৰ, সাংবাদিকসকলৰ স্বপ্ৰতিভা উদ্ভাষিত হৈ উঠিছে। বিশেষকৈ, সৃষ্টিৰ উন্মাদনাত তজবজীয়া নবীনসকলৰ মাজৰ পৰা তেওঁলোকৰ ‘আটাইতকৈ ভালখিনি’ উলিয়াই আনিব পৰাটো ‘প্ৰান্তিক’ৰ এক বিশেষ কৃতিত্ব। প্ৰতিজন লেখকৰ লগত ব্যক্তিগত যোগাযোগ, প্ৰয়োজনীয় তথ্য-পাতি, পৰামৰ্শ দান আৰু এইবোৰৰ আন্তৰিক প্ৰয়োগৰ বাবেই ‘প্ৰান্তিক’ৰ প্ৰতিটো পাততে উপলব্ধি কৰা যায় সুপৰিকল্পিত, সুচিন্তিত আৰু ৰুচিকৰ সম্পাদনাৰ এক স্পষ্ট চাপ। ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ আৰু ‘জীৱন বৃত্ত’ (আত্মজীৱনী), ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’, অৰুণ শৰ্মাৰ ‘আশীৰ্বাদৰ ৰং’ আদিৰ দৰে কেইবাখনো প্ৰসিদ্ধ উপন্যাস ‘প্ৰান্তিক’তে প্ৰথম প্ৰকাশ হয়।

ৰংঘৰ:
শশী ফুকনক মুখ্য সম্পাদক আৰু মানিক বড়াক সম্পাদক হিচাপে লৈ প্ৰকাশিত ‘ৰংঘৰ’ (১৯৮১) সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনী। প্ৰথম অৱস্থাত কেৱল সংস্কৃতি আৰু ক্ৰীড়া বিষয়ক আলোচনীৰূপে প্ৰকাশ হ’লেও পৰৱৰ্তী সময়ত সাহিত্য আৰু ৰাজনীতিও যোগ হয়। পাছৰ পৰ্যায়ত সাহিত্য-সংস্কৃতি বিষয়ক ৰচনাহে প্ৰকাশ পায়। সুদীৰ্ঘ ২৫ বছৰৰো অধিক কাল প্ৰকাশৰ পাছত একবিংশ শতিকাৰ প্ৰথম দশকতে ‘ৰংঘৰ’ প্ৰকাশ বন্ধ হয়।

আইদেউৰ জোনাকী বাট:
১৯৮৩ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হয় প্ৰগতিশীল মাহেকীয়া আলোচনী ‘আইদেউৰ জোনাকী বাট’। আলোচনীখনৰ সম্পাদক অৰ্পণা মহন্ত আৰু ৰাজু বৰুৱা। নাৰী সমাজক ৰাজনৈতিকভাৱে সচেতন কৰাৰ লক্ষ্যৰে প্ৰকাশিত আলোচনীখনে সৃজনশীল ৰচনা প্ৰকাশতো গুৰুত্ব প্ৰদান কৰিছিল।

সঁফুৰা:
Sofura Magazine - Get your Digital Subscription১৯৮৩ চনত প্ৰকাশ হোৱা এখন শিশু আলোচনী ‘সঁফুৰা’। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পদনাত প্ৰকাশিত এইখন আলোচনীয়ে কম দিনতে জনপ্ৰিয়তা লাভ কৰে। বিষয়বস্তুৰ দিশৰ পৰা ‘সঁফুৰা’ই গতানুগতিকতা পৰিহাৰ কৰিব নোৱাৰিলেও ‘আশা কৰোঁ তোমালোক সকলো ভালে আছে’, ‘মহাদুষ্টৰ দুষ্ট বুদ্ধি’, ‘সঁচাও নহয় মিছাও নহয়’, ‘ঘৰত কৰিবলৈ কাম দিছোঁ’ আদি শিতানে আলোচনীখনৰ নতুনত্ব বহন কৰিছিল। তদুপৰি ‘সঁফুৰা’ৰ কবিতা শিতানটোৰো এক সুকীয়া আকৰ্ষণ পৰিলক্ষিত হয়। গৱাহাটীৰ পৰা প্ৰকাশিত এইখন আলোচনীৰ অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধনত বিশেষ অৰিহণা আছে। মাজত কিছুদিন বন্ধ হৈ থকাৰ পাছত ২০০২ চনৰ পৰা ‘সঁফুৰা’ পুনৰ নিয়মীয়াকৈ প্ৰকাশ হৈ আছে।

প্ৰতিধ্বনি:
১৯৮৪ চনত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ হয় ‘প্ৰতিধ্বনি’ নামৰ আলোচনীখন। ‘প্ৰতিধ্বনি’ প্ৰথমে তিনিমহীয়া আৰু পাছলৈ ছমহীয়া ৰূপত প্ৰকাশ পাইছিল। এইখন আলোচনীত পদ্ম বৰকটকী, নিৰোদ চৌধুৰী, দেৱব্ৰত দাস, স্নেহ দেৱী আদিৰ দৰে ভালেমান লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ উপন্যাস, গল্প, কবিতা আদি প্ৰকাশ হৈছিল। পৰিপাটি আৰু অত্যধুনিক মুদ্ৰণ ‘প্ৰতিধ্বনি’ৰ এটি উল্লেখযোগ্য দিশ। ১৯৯২ চনত ‘প্ৰতিধ্বনি’ প্ৰকাশ বন্ধ হয়।

মৌচাক:
Get your digital copy of MOUCHAQ-June 2019 issueশিশু আলোচনীৰ ভিতৰত বৰ্তমানে সৰ্বাধিক প্ৰচলিত আৰু অকণিহঁতৰ মাজত অতিকৈ জনপ্ৰিয় আলোচনীখন হ’ল ‘মৌচাক’ (১৯৮৪)। শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিত ‘মৌচাক’-এ ইতিমধ্যে জনপ্ৰিয়তাৰ তুংগত আৰোহণ কৰিছে। জন্মলগ্নৰে পৰা আলোচনীখনে গতানুগতিক বিষয়বস্তুৰ পৰা আঁতৰি গৈ অসমীয়া শিশু আলোচনীৰ জগতত সাহিত্য আৰু সংবাদধৰ্মী শিশু উপযোগী লেখাৰ সুসমন্বয় ঘটাবলৈ প্ৰয়াস কৰি আহিছে। আৰম্ভণিৰে পৰা অত্যাধুনিক অফছেট ছপাৰে প্ৰকাশ হৈ অহা অসমৰ প্ৰথমখন শিশু আলোচনী ‘মৌচাক’ৰ বিপুল জনপ্ৰিয়তা আৰু সৰ্বাধিক প্ৰচলনেই হ’ল আলোচনীখনৰ মান এক নিৰ্ণেয়সূচক স্তম্ভ। অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধন আৰু আনন্দ বৰ্ধনত ‘মৌচাক’ৰ বৰঙণিৰ প্ৰমাণ ইয়ৰ জনপ্ৰিয়তাই দিয়ে। আলোচনীখনৰ কেইটিমান জনপ্ৰিয় শিতান/ৰচনা হ’ল ‘আমি কেনেদৰে পঢ়িছিলো’, ‘এণ্ডিখুড়াৰ সমিধান’, ‘অ’ বিদেশী বন্ধু’, ‘ৰবীন পখীৰ কাকলি’ আদি।

‘সঁফুৰা’ আৰু ‘মৌচাক’ৰ সমসাময়িকভাৱে প্ৰকাশিত কেইখনমান শিশু আলোচনী হ’ল: ‘টিংকল’ (১৯৮৫), ৰঞ্জু হাজৰিকাৰ ‘কণ-কণ’ (১৯৮৬), শান্তনু কৌশিক বৰুৱাৰ ‘ঐক্যতান’ (১৯৮৭), লাৱণ্য গোস্বামীৰ ‘ৰং বিৰং’ (১৯৮৩), দুলাল চন্দ্ৰ বৰঠাকুৰৰ ‘ককাদেউতা’ (১৯৮৪), ভাগ্যলক্ষ্মী মহন্তৰ ‘মইনা’ (১৯৮৭), কুলৰঞ্জন ডেকাৰ ‘বিজ্ঞান সঁফুৰা’ (১৯৮৭), কুমুদ চন্দ্ৰ গোস্বামীৰ ‘মুকুতা’ (১৯৮৭), শান্তনু তামুলীৰ ‘নতুন আৱিষ্কাৰ’ (১৯৮৮), ঊষা জেকাৰ ‘চন্দ্ৰমা’ (১৯৮৯), পূৰ্ণিমা কোঁৱৰ গোহাঁইৰ ‘ৰ’দালি’ (১৯৯০), দুলাল বৰদলৈৰ ‘মৌকোঁহ’ (১৯৯০), ‘জ্ঞানোদয়’ (১৯৯০), ‘জ্ঞান বিজ্ঞান’ (১৯৯০) আদি।

আজিৰ সময়:
আশীৰ দশকৰ এখন উল্লেখযোগ্য আলোচনী ‘আজিৰ সময়’ (১৯৮৫)। প্ৰথমে মাহেকীয়াৰূপে আৰু পাছলৈ পষেকীয়াকৈ প্ৰকাশিত এইখন আলোচনীৰ মুখ্য সম্পাদক আৰু সম্পাদক ক্ৰমে পদ্ম বৰকটকী আৰু ধ্ৰুৱজ্যোতি বৰা। অনুসন্ধানমূলক সংবাদধৰ্মী ৰচনা প্ৰকাশত ‘আজিৰ সময়’ৰ ভূমিকা উল্লেখযোগ্য। মামণি ৰয়ছম গোস্বামীৰ উপন্যাস ‘জখমী যাত্ৰী’ প্ৰথমতে এই আলোচনীতে প্ৰকাশ হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিৰুপমা বৰগোহাঞি, শীলভদ্ৰ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰৱৰ্তী, অৰ্চনা পূজাৰী আদিৰ দৰে নবীন-প্ৰবীণৰ ৰচনাই ‘আজিৰ সময়’ৰ পৃষ্ঠা সমৃদ্ধ কৰিছিল।

নৱদূত:
১৯৮৫ চনত ফণী তালুকদাৰৰ সম্পাদনাত প্ৰকাশ হয় এখন পষেকীয়া আলোচনী ‘নৱদূত’। মূলতঃ সাহিত্য বিষয়ক আলোচনী আছিল যদিও ‘নৱদূত’ৰ পাতত বিজ্ঞান, ৰাজনীতি আৰু প্ৰখ্যাত লেখকৰ স্মৃতিচাৰণমূলক বিভিন্ন ৰচনাও প্ৰকাশ হৈছিল। অতুল চন্দ্ৰ হাজৰিকা, চৈয়দ আব্দুল মালিক, যজ্ঞেশ্বৰ শৰ্মা, বিনন্দ চন্দ্ৰ বৰুৱা আদিৰ দৰে খ্যাতিমান লেখকৰ স্মৃতিকথা এইখন আলোচনীৰ অন্যতম আকৰ্ষণ আছিল।

দৃষ্টি:
বিজ্ঞানৰ একোটা বিষয় বিশদভাৱে আলোচনা কৰা দুমহীয়া বিজ্ঞান আলোচনী ‘দৃষ্টি’ প্ৰথম প্ৰকাশ হয় ১৯৮৫ চনত। অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অৰ্থ সাহায্যত প্ৰকাশিত ‘দৃষ্টি’ৰ সম্পাদক ড° দীনেশ চন্দ্ৰ গোস্বামী। একোটা বিষয়ৰ বিশদ আলোচনা তথা ব্যাখ্যাচিত্ৰ আদিৰে আলোচনীখন প্ৰকাশিত হৈছিল। প্ৰতি সংখ্যাত প্ৰকাশিত বিষয়-বস্তুৰ পৰাই আলোচনীখনে সামৰি লোৱা ক্ষেত্ৰৰ আভাস পাব পাৰি: ‘আহাৰ আৰু পুষ্টি’, ‘জন্ম’, ‘বৰ্ধন’, ‘বয়োবৃদ্ধি আৰু মৃত্যু’, ‘আমাৰ সৌৰজগত’, ‘পশুপালনৰ কথা’, ‘সময়ৰ কথা’, ‘ইলেকট্ৰনিকছ’, ‘ৰসায়ন বিজ্ঞানৰ জগত’, ‘পৃথিৱীৰ পিঠিখন’, ‘ইন্দ্ৰিয়সমূহৰ কথা’, ‘প্ৰাণীজগতৰ বিস্ময়’ আদি। সৰ্বসাধাৰণৰ বাবে ৰচিত আৰু সুসম্পাদিত ‘দৃষ্টি’ৰ প্ৰতিটো সংখ্যাকে একোটা নিৰ্দিষ্ট বিষয়ৰ একোখন সম্পূৰ্ণ পুথিৰূপে আখ্যা দিব পাৰি। ১৯৯৫ চনত এই আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।

শ্ৰীময়ী:
১৯৮৭ চনত বেণী মাধৱৰ সম্পাদনাত অগ্ৰদূত গোষ্ঠীৰ পৰা প্ৰকাশ হয় পষেকীয়া ‘শ্ৰীময়ী’। নাৰী আন্দোলনৰ বিভিন্ন দৃষ্টিকোণ সম্বন্ধে এটা স্পষ্ট ধাৰণা লৈ সম্পাদকে ‘শ্ৰীময়ী’ক গুৰুত্বপূৰ্ণ আলোচনীৰ মৰ্যাদা দিবলৈ যত্ন কৰে। অৱশ্যে ‘শ্ৰীময়ী’ক তথাকঠিত মহিলা আলোচনীৰ গণ্ডিত সীমাবদ্ধ কৰিব নোৱাৰি। নাৰী সম্পৰ্কীয় ৰচনাৰ উপৰি সমাজ আৰু পৰিয়াল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আলোচনা, অৰ্থনৈতিক সমস্যা (যেনে: মূল্যবৃদ্ধি, বাজেট, নিবনুৱা সমস্যা), অসমৰ চাহ-শিল্প আৰু ইয়াৰ লগত জড়িত আলোচনাও ‘শ্ৰীময়ী’ত প্ৰকাশ পাইছিল। ‘শ্ৰীময়ী’তে ধাৰাবাহিকভাৱে প্ৰকাশ হয় নিৰুপমা বৰগোহাঞিৰ আত্মজৈৱনিক লেখা ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’। বৰ্তমান অৱশ্যে ‘শ্ৰীময়ী’ ‘দৈনিক অগ্ৰদূত’ কাকতৰ দেওবৰীয়া পৰিপূৰিকৰ ৰূপতহে প্ৰকাশ পায়।

সচেতনা:
১৯৮৭ চনত প্ৰকাশ পায় মহিলা আলোচনী ‘সচেতনা’। আলোচনীখন ছমহীয়াকৈ প্ৰকাশিত। ‘সচেতনা’ই সমাজত চলি থকা নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ তথা ধৰণাৰ বিষয়ে নাৰীসমাজক অধিক সচেতন কৰিবলৈ প্ৰয়াস কৰে। আলোচনীখনৰ প্ৰথম সম্পাদক গায়ত্ৰী হাজৰিকা।

ডেউকা:
১৯৮৯ চনত স্বেচ্ছাসেৱী সংগঠন ‘অন্বেষা’ৰ উদ্যোগত প্ৰকাশ হয় সাময়িক পত্ৰিকা ‘ডেউকা’। ‘ডেউকা’ই সামাজিক-ৰাজনৈতিক সমস্যা আৰু বিষয়ৰ বস্তুনিষ্ঠ অনুসন্ধানত বিশেষ গুৰুত্ব আৰোপ কৰে। হীৰেণ গোহাঁই, নলিনীধৰ ভট্টাচাৰ্য, বীৰেন্দ্ৰ নাথ দত্ত, প্ৰদীপ আচাৰ্য আদিৰ মননশীল প্ৰবন্ধই ‘ডেউকা’ক এখন উচ্চমানৰ আলোচনীলৈ ৰূপান্তৰিত কৰিছিল।

সূত্ৰধাৰ:
১৯৮৯ চনত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশ হয় ‘সূত্ৰধাৰ’। আলোচনীখনত সাহিত্য চৰ্চাৰ এক ধাৰা পৰিলক্ষিত হৈছিল। হোমেন বৰগোহাঞি, ডাঃ আনন্দেশ্বৰ বৰঠাকুৰ, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, তোষেশ্বৰ চেতিয়া আদিৰ দৰে ভালেসংখ্যক নবীন-প্ৰবীন লেখকৰ ৰচনাই আলোচনীখনৰ পাতত ঠাই পাইছিল।

পূবালী:
বেণী মাধৱৰ সম্পাদনাত প্ৰকাশ পোৱা এখন মহিলা আলোচনী ‘পূবালী’ (১৯৯০)। আলোচনীখনৰ সূচীপত্ৰত উল্লিখিত ‘নাৰী তুমি অৰ্ধ আকাশ’ শীৰ্ষক বাণী শাৰীয়েই আলোচনীখনৰ নাৰী সম্পৰ্কীয় দৃষ্টিভংগীৰ উমান দিয়ে। সৃষ্টিশীল সাহিত্য ৰচনাতো গুৰুত্ব আৰোপ কৰা ‘পূবালী’ত মহিলাৰ লগে লগে শিশুৰ বিভিন্ন দিশৰ আলোচনা, সাক্ষাৎকাৰ ছবিজগতৰ খবৰ, কাৰ্টুন আদি বিভিন্ন শিতান/বিষয়ৰ লেখা প্ৰকাশ হৈছিল। ‘পূবালী’য়ে বহু সংখ্যক মহিলা সাহিত্যিকক আত্মপ্ৰকাশৰ সুযোগ দিয়ে।

কিশোৰ:
১৯৯১ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা হোমেন বৰগোহাঞিৰ সম্পাদনাত কিশোৰ পাঠকৰ বাবে ‘কিশোৰ’ নামৰ এখন মাহেকীয়া আলোচনীয়ে আকৰ্ষণীয় ৰূপত আত্ম্পৰকাশ কৰিছিল যদিও এবছৰো কম সময়ৰ ভিতৰতে আলোচনীখনৰ অকাল স্মৰণ হয় (১৯৯২)। ‘কিশোৰ’ত প্ৰীতি বৰুৱা, অৰূপা পটংগীয়া কলিতা, গীতাৰ্থ পাঠক, বিপুলজ্যোতি শইকীয়া আদিৰ কিশোৰ উপযোগী ভালেমান মননশীল লেখা প্ৰকাশ পাইছিল।

গৰীয়সী:
১৯৯৩ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পায় সাহিত্যালোচনী ‘গৰীয়সী’। এইখন আলোচনীয়ে আসমীয়া সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। অসমীয়া ভাষাৰ পূৰ্ণাংগ সাহিত্য পত্ৰিকা বুলিলে ‘গৰীয়সী’ৰ কথাকে উল্লেখ কৰিব পাৰি। গৱেষণাকেন্দ্ৰিক সাহিত্য বিষয়ক ভালেমান প্ৰবন্ধ প্ৰকাশ কাৰৰ উপৰিও আলোচনীখনত বিশ্বসাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কে ছেগাচোৰোকাকৈ হ’লেও আলোচনা কৰা পৰিলক্ষিত হয়। পূৰবী বৰমুদৈ, কুল শইকীয়া, ৰবীন শৰ্মা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী দৰে প্ৰতিষ্ঠিত ভালেমান লেখকে এই আলোচনীৰ যোগেদি অৱদান আগবঢ়াই আছে। এইখন আলোচনীয়ে ইতিমধ্যে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিছে যদিও ‘গৰীয়সী’ৰ পূৰ্বৰ গৰিমা এতিয়া ভালেখিনি মোলান পৰিছে। ‘গৰীয়সী’ৰ পাততে প্ৰকাশ হয় লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপাম, ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ কালান্তৰৰ গদ্য, মামণি ৰয়ছম গোস্বামীৰ ছিন্নমস্তাৰ মানুহটো, মেদিনী চৌধুৰীৰ ফাগুনত আজাৰৰ ফুল, পূৰৱী বৰমুদৈৰ এটা আলিবাটৰ ইতিকথাৰ দৰে উল্লেখযোগ্য উপন্যাস।

অকণিৰ অগ্ৰদূত:
১৯৯৫ চনত ৰমেন শইকীয়াৰ সম্পাদনাত অগ্ৰদূত গোষ্ঠীৰ পৰা প্ৰকাশ হয় ‘অকণিৰ অগ্ৰদূত’ শীৰ্ষক এখন শিশু আলোচনী। আলোচনীখনত গল্প, কবিতাৰ উপৰি জীৱনীমূলক ৰচনা আৰু সাক্ষাৎকাৰ প্ৰকাশতো গুৰুত্ব দিয়া হৈছিল।

জিজ্ঞাস:
১৯৯১ চনত প্ৰকাশ পোৱা ‘জিজ্ঞাস’ বাৰ্তালোচনীখনে পাঠভিত্তিক জ্ঞান দিয়াৰ লগতে পাঠ্যপুথি সম্পৰ্কীয় প্ৰবন্ধপাতি যুগুতাই উলিওৱাৰ বাবে শিশু কিশোৰৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

প্ৰিয় সখী:
Priyosakhi,Guwahati , Guwahati - Gainbuzz২০০০ চনৰ পহিলা জানুৱাৰীত বিস্ময় গোষ্ঠীৰ পৰা শশী ফুকনক মুখ্য সম্পাদক আৰু জীমণি চৌধুৰীক সম্পাদক ৰূপে লৈ আত্মপ্ৰকাশ কৰে ‘প্ৰিয় সখী’ নামৰ মহিলা আলোচনীখনে। শিশুৰ বুনিয়াদ গঠনত এগৰাকী নাৰী, অৰ্থৎ, মাতৃৰ কৰণীয়, নাৰীৰ সম্পৰ্কীয় আলোচনা মতামত, বিবাহ বিচ্ছেদ তথা বিচ্ছেদৰ কুফল আৰু নবীন-প্ৰবীণ লেখক-লেখিকাৰ সৃষ্টিশীল সাহিত্যৰাজিও ইয়াত প্ৰকাশ পাই আহিছে। ‘সখীৰ পদূলী’ৰ পৰা আৰম্ভ কৰি ‘সখীৰ আখল’, ‘সখীৰ পৰিভ্ৰমণ’, ‘সখীৰ বিনোদন’, ‘কিনো লয়লাসে’, ‘সখীৰ ৰাশিফল’, ‘বলিউদৰ বতৰা’ আদি শিতানে পাছকক সহজে আকৰ্ষণ কৰে। বৰ্তমান আলোচনীখনৰ সম্পাদক শশী ফুকন।

নন্দিনী:
Nandini online magazine in Assamese‘প্ৰিয় সখী’ৰ সমসাময়িকভৱে ২০০০ চনত মাইনী মহন্তৰ সম্পাদনাত সাদিন গোষ্ঠীৰ পৰা প্ৰকাশ হয় মহিলা আলোচনী ‘নন্দিনী’। বিভিন্ন নিয়মীয়া শিতানৰ উপৰি ‘নন্দিনী’য়ে সৃষ্টিশীল সাহিত্য, শিশুৰ স্বাস্থ্য, বিবাহ বিচ্ছেদৰ কাৰণ, শিশুৰ বৌদ্ধিক বিকাশ, বৃত্তি অনুযায়ী মহিলাৰ আলোচনা, সঞ্চয় আৰু বিনিয়োগ আদিৰ আলোচনা, লোক-সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিদেশী সভ্যতা সংস্কৃতিৰ বিৱৰণ, অসমৰ কুটীৰ শিল্প, উদ্যোগী মহিলাৰ সাক্ষাৎকাৰ ভিত্তিক ৰচনা আদি প্ৰকাশ কৰি আহিছে। পৰিয়ালৰ সকলোৰে উপযোগী কৰি ‘নন্দিনী’য়ে আগবঢ়ায় সাহিত্য, সমাজ, শিল্প সামৰি বিভিন্ন শিতান। পৰিয়ালৰ স্বাস্থ্য, শিশুৰ যতন, কিশোৰৰ সমস্যা, যৌৱনৰ আৱেগিক দোমোজা, সাংসাৰিক বেমেজালিৰ আউল ভাঙিবলৈ দিয়ে বিভিন্ন দিহা।

‘নন্দিনী’ৰ পাছতে প্ৰকাশ পাই থকা মহিলা বিষয়ক কেইখনমান আলোচনী হৈছে ‘আধুনিক মন্দাকিনী’, ‘গৃহলক্ষ্মী’, ‘বিচ্ছুৰিত বৰ্ণালী’ আদি।

অসমীয়া সা-ৰে-গা-মা:
আৰম্ভণিতে (২০০৪) পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বৰ্তমান জনাৰ্দন গোস্বামীৰ সম্পাদনাত প্ৰকাশিত ‘অসমীয়া সা-ৰে-গা-মা’ মূলতঃ সাংস্কৃতিক আলোচনী। এই আলোচনীখনে অসমীয়া সাংস্কৃতিক জগতখনৰ সকলো খবৰেই পাঠকৰ মাজলৈ কঢ়িয়াই আছে।

কথা:
ৰঞ্জিত কুমাৰ দেৱ গোস্বামীক মুখ্য সম্পাদক আৰু শোণিত বিজয় দাসক সম্পাদকৰূপে লৈ প্ৰকাশিত ‘কথা’ (১৯৯৩) আলোচনীখনক সম্ভ্ৰান্ত আলোচনী হিচাপে বৌদ্ধিক মহলে স্বীকৃতি প্ৰদান কৰি আহিছে। যথেষ্ঠ চিন্তা-চৰ্চাৰে পাঠক সমাজক কিছু নতুন দিশৰ সম্ভেদ দিবলৈ সক্ষম হোৱা আলোচনীখন ২০০৪ চনৰ পৰা ‘কথা গুৱাহাটী’ নামেৰে প্ৰকাশ পাই আছে। এইখন আলোচনীয়ে নিয়মীয়াকৈ একোটা একোটা বিষয়ত ভিন্ন দৃষ্টিকোণেৰে আলোকপাত কৰি প্ৰকাশৰ দিহা কৰি আহিছে। একেদৰে একো একোজন বিশ্ববিশ্ৰুত সাহিত্যিকৰ ৰচনাৰ অনুবাদ তথা আলোচনা প্ৰকাশ কৰাটোও ‘কথা গুৱাহাটী’ৰ এটা উল্লেখযোগ্য দিশ।

জীৱন:
বিষয়বস্তুৰ বৈচিত্ৰতাৰ এক অভিন্ন শৈলীৰে পাঠকক আকৰ্ষিত কৰিব পৰা এখন আলোচনী ‘জীৱন’। আলোচনীখনৰ নাম ‘জীৱন’ হ’লেও সম্পাদক সুৰেশ ৰঞ্জন গদুকাই সুকীয়া দৃষ্টিভংগীৰে সকলো দিশকে সামৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে।

সাতসৰী:
প্ৰথম পৰ্যায়ত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত ‘সাতসৰী’ আলোচনীয়ে নবীন-প্ৰবীণ লেখক-লেখিকাক সমানে গুৰুত্ব দিয়া দেখা যায়। আলোচনীখনে অসমীয়া ভাষাৰ বিভিন্ন বিভিন্ন বিষয়ক সামৰি লোৱাৰ উপৰি অনুবাদৰ যোগেদি বিশ্ব সাহিত্যৰ লগত সেতু বন্ধনৰ এক যোগসূত্ৰ হিচাপে কাম কৰি আহিছে। এই আলোচনীতে ধাৰাবাহিকভাৱে প্ৰকাশ হয় প্ৰাণজিৎ বৰাৰ কথা মানিৱীৰ ৰূপ কথা, দিলীপ চন্দনৰ চিৰিয়াখানাৰ বেহেলা, অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং আদি। যথেষ্ট সংখ্যক নবীন লেখকক সাহিত্য পথাৰখনলৈ উলিয়াই আনিব পৰাটো আলোচনীখনৰ গুৰুত্বপূৰ্ণ দিশ। ২০০৫ চনৰ আগষ্ট মাহৰ পৰা আলোচনীখন প্ৰকাশ হৈছে। ‘সাতসৰী’ৰ বৰ্তমান সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, কাৰ্যবাহী সম্পাদক দীগন্ত ওজা।
এই সময়ছোৱাত প্ৰকাশিত অন্যান্য কেইখনমান আলোচনী হ’ল অৱনী বৰুৱাৰ ‘অংগনা’, ভাস্কৰজ্যোতি কলিতাৰ ‘ৰেঙণি’, খনীন্দ্ৰ কুমাৰ মেধিৰ ‘আৰোহণ’, হৃদয়ানন্দ গগৈৰ ‘স্বৰ্ণলিপি’ আদি।

প্ৰকাশ:
সত্তৰৰ দশকতে প্ৰকাশিত আৰু আশীৰ দশকত উজ্জ্বল ৰূপত আত্মপ্ৰকাশ কৰা ‘প্ৰকাশ’ৰ প্ৰকাশ অসমীয়া আলোচনীৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ সংঘটন। আলোচনীখনৰ প্ৰথম সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া। অধুনিক অসমীয়া সাহিত্যৰ বিকাশত সত্তৰ আৰু আশীৰ দশকটোত বিশিষ্ট ভূমিকা গ্ৰহণ কৰা এই সাহিত্যালোচনীখন প্ৰথমে তিনিমহীয়া ৰূপত প্ৰকাশ হৈছিল যদিও কেইটামান সংখ্যাৰ পাছতে তাক মাহেকীয়ালৈ ৰূপান্তৰিত কৰা কৰা হয়। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত ‘প্ৰকাশ’ৰ প্ৰতিটো সংখ্যা অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমালোচনা বিষয়ক আলোচনাৰে সমৃদ্ধ হৈছিল। অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বহু মূল্যৱান প্ৰবন্ধ, উপন্যাস, সাহিত্য-সমালোচনাই প্ৰথমে ‘প্ৰকাশ’ৰ প্ৰকাশৰ পাততে ভূমুকি মাৰিছিল। ইয়াৰ ভিতৰত ৰংবং তেৰাঙৰ ৰংমিলিৰ হাঁহি, দেবেন্দ্ৰ নাথ আচাৰ্যৰ জংগম, নৱকান্ত বৰুৱাৰ গৰমা কুঁৱৰী, মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, বিনন্দ চন্দ্ৰ বৰুৱাৰ আত্মজীৱনীমূলক ৰচনা অতীতৰ ৰং, মহেন্দ্ৰ বৰাই কৰা মদ্ভাগৱত গীতাৰ ভাঙনি আদি উল্লেখযোগ্য। মাজতে বহুত দিন ‘প্ৰকাশ’ বন্ধ হৈ থাকি ২০০০ চনত পুনৰ প্ৰকাশ হৈছিল যদিও এই প্ৰচেষ্টা স্থায়ী নহ’ল।

বিস্ময়:
Bismoi - Assamese magazines journals assam monthly fortnightly’৭০ৰ দশকতে প্ৰকাশিত আৰু বৰ্তমানেও প্ৰকাশ হৈ থকা অসমৰ এখন উল্লেখযোগ্য আলোচনী হ’ল ‘বিস্ময়’। আৰম্ভণিৰে পৰা পাঠকক আলোচনীখনে এটা ভিন্ন স্বাদ দিবলৈ চেষ্টা কৰি আহিছে। ১৯৬৯ চনৰ জানুৱাৰী মাহত শশী ফুকনৰ সম্পাদনাত জন্ম লাভ কৰা ‘বিস্ময়’-এ অসমীয়া সংবাদ-সাহিত্যত ৰহস্যমূলক, ৰোমাঞ্চকৰ, সত্য কাহিনী আদি প্ৰকাশৰ এটা নতুন দিশ মুকলি কৰে আৰু পৰৱৰ্তী কালত ইয়াৰ আৰ্হিতে কেইবাখনো এনে ধৰণৰ আলোচনীৰ জন্ম হয়। মানুহৰ মনোৰঞ্জন আৰু কৌতূহলৰ স্পৃহাকে মূলধন হিচাপে লৈ ‘বিস্ময়’-এ প্ৰকৃতাৰ্থত অসমৰ ৰহস্য আলোচনীৰ এটা যুগৰেই সৃষ্টি কৰিলে। ‘বিস্ময়’-এ যেনেদৰে বিভিন্ন পাঠক গোষ্ঠী সৃষ্টি কৰিলে, ঠিক তেনেকৈ জন্ম দিলে এক বিচিত্ৰ লেখক গোষ্ঠীৰো। ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো শ্ৰেণী পাঠকৰ মাজত জনপ্ৰিয় এই আলোচনীয়ে ইতিমধ্যে ইয়াৰ প্ৰকাশৰ ৰূপালী জয়ন্তী অতিক্ৰম কৰাটো তাৎপৰ্যপূৰ্ণ কথা। ২০০১ চনৰ ‘বিস্ময়’ৰ এটা ইণ্টাৰনেট সংস্কৰণো প্ৰকাশ হৈছে। ইণ্টাৰনেট সংস্কৰণ প্ৰকাশ পোৱা এইখনেই অসমৰ প্ৰথম আলোচনী।

অসম সাহিত্য সভা পত্ৰিকা:
গহীন আলোচনামূলক আৰু গৱেষণামূলক প্ৰবন্ধৰ বাটকটীয়া মাহেকীয়া সাহিত্য আলোচনী ‘অসম সাহিত্য সভা পত্ৰিকা’ প্ৰথম প্ৰকাশ হয় ১৯২৬ চনত। ইয়াৰ প্ৰথম সম্পাদক আছিল সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা। অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী বিশ্লেষণাত্মক ভালেমান প্ৰৱন্ধৰ বাবে এইখন আলোচনীয়ে আছুতীয়া আসন দাবী কৰিব পাৰে। এই পত্ৰিকাতে শতিকাটোৰ প্ৰায় সকলোখিনি লব্ধপ্ৰতিষ্ঠ লেখক-সাহিত্যিকৰে লেখা প্ৰকাশ হৈছে। মাজতে কেইবছমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৬ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে। ‘অসম সাহিত্য সভা পত্ৰিকা’ আমাৰ জাতীয় জীৱনৰ উৎকৃষ্ট আলোচনীৰ দাবীদাৰ হ’ব পাৰিলহেঁতেন যদিও যথোচিত প্ৰচাৰ আদিৰ অভাৱত সি আজিও সম্ভৱ হৈ উঠা নাই।

দেওবৰীয়া আলোচনী:
অসমৰ কেইবাখনো দৈনিক বাতৰি কাকতে প্ৰতি দেওবাৰে একোখন আলোচনী নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে। এই আলোচনীবোৰে এচাম পাঠকৰ অৱসৰ বিনোদনৰ কিছু চাহিদা পূৰণ কৰি আহিছে। জীৱনৰ বিভিন্ন দিশ সামৰি সৰু অথচ চিন্তাশীল লেখাক দেওবৰীয়া আলোচনীবোৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰা দেখা যায়।

পূৰ্বাচল:
অসমৰ সংবাদপত্ৰৰ ইতিহাসত দেওবৰীয়া আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ হয় ‘পূৰ্বাচল’ৰ যোগেদি। ‘আমাৰ অসম’ কাকতৰ এই দেওবৰীয়া আলোচনীখনৰ প্ৰথম সম্পাদক প্ৰণয় বৰদলৈ। বিবিধ বৈচিত্ৰময় লেখা প্ৰকাশেৰে আলোচনীখন এই দিশত বাটকটীয়া হোৱাৰ উপৰি এক নতুন ধাৰাৰ সূচনা কৰে। আলোচনীখনে আৰম্ভণিৰে পৰা জীৱনৰ সামগ্ৰিক ঘটনাপ্ৰবাহক প্ৰতিনিধিত্ব কৰিব পৰা লেখাক গুৰুত্বসহকাৰে প্ৰকাশ কৰি আহিছে। খবিৰ আহমেদৰ আৰক্ষীৰ ডায়েৰী আৰু ইলু দেৱী বৰুৱাৰ কাৰাগাৰৰ কাহিনী পূৰ্বাচলৰ জনপ্ৰিয় আৰু বহুপঠিত ৰচনা।

বসুন্ধৰা:
‘দৈনিক জনমভূমি’ কাকতৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’। সম্পাদক শাংকব কৌশিক বৰুৱা। প্ৰাত্যহিক জীৱনৰ প্ৰায়য়বোৰ দিশকে এই আলোচনীখনে সামৰি লোৱা দেখা যায়। এইখন আলোচনীতে প্ৰকাশ হৈছে কেইবাখনো ধাৰাবাহিক উপন্যাস। ইয়াৰ ভিতৰত মণিকুন্তলা ভট্টাচাৰ্যৰ যমুনা, অৰ্চনা বৰঠাকুৰৰ পৰিধি, অভিজিত শৰ্মা বৰুৱাৰ ইপাৰ-সিপাৰ, আন্ধাৰত জোনাক, মায়াবন্ধন আদি উল্লেখযোগ্য।

সম্ভাৰ:
‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া আলোচনী ‘সম্ভাৰ’। বৰ্তমানৰ সম্পাদক অমল দাস। পূৰ্বতে মনোৰম গগৈৰ সম্পাদনাত এই আলোচনীখনে অসমৰ পাঠকসকলৰ মজত বিশষ চৰ্চা লাভ কৰিছিল। মনোৰম গগৈৰ পৰাগদাৰ সান্নিধ্যত, মনালিছা শইকীয়াৰ আন্দোলিত আকাশ, লীনা শৰ্মাৰ সাগৰিকা, মণিকুন্তলা ভট্টাচাৰ্যৰ অৰুন্ধতী আদি ‘সম্ভাৰ’তে প্ৰথম প্ৰকাশ হৈছিল। তদূপৰি তুলিকা চেতিয়া য়েইনৰ স্বপ্নৰ স্বদেশ অৰুণাচল মৃণাল তালুকদাৰৰ মৌতম আদি পাঠকৰ সমাদৃত অভিজ্ঞতামূলক ধাৰাবাহিক লেখা ‘সম্ভাৰ’তে প্ৰকাশ হৈছে।

অনুভূতি:
‘আজিৰ দৈনিক বাতৰি’ৰ দেওবৰীয়া আলোচনীখনৰ নাম ‘অনুভূতি’। অঞ্জন দত্তৰ সম্পাদনাত প্ৰকাশিত এই আলোচনীখনে প্ৰতিটো সংখ্যাকে একোটা বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। অঞ্জন দত্তৰ সময়ে কোবাই য়ায আলোচনীখনৰ এটি জনপ্ৰিয় শিতান। পৰৱৰ্তী সময়ত একে নামৰে এখন গ্ৰন্থও প্ৰকাশ হয়।

দেওবৰীয়া খবৰ:
‘অসমীয়া খবৰ’ কাকতে ‘দেওবৰীয়া খবৰ’ নামেৰে এখন আলোচনী প্ৰকাশ কৰি আহিছে। সাম্প্ৰতিক ঘটনাৱলী, ক্ৰীড়া আৰু চলচ্চিত্ৰ জগতৰ বিবিধ খবৰ এইখন আলোচনীয়ে গুৰুত্বসহকাৰে, আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰে।

ইত্যাদি:
‘দৈনিক জনসাধাৰণ’ৰ দেওবৰীয়া আলোচনী ‘ইত্যাদি’। বৰ্তমানৰ সম্পাদক জ্যোতি খাটনীয়াৰ। ধৰণী লাহনৰ কৰুণ নাৰীৰ গদ্য, পল্লৱী ডেকা বুজৰবৰুৱাৰ প্ৰাচীন প্ৰেমৰ এপিটাফ পাণ্ডলিপি গ্ৰন্থকাৰে প্ৰকাশ পোৱাৰ পূৰ্বে ‘ইত্যাদি’তে ধাৰবাহিকভাৱে প্ৰকাশ পাইছিল।

দেওবাৰ:
‘এদিনৰ সংবাদ’ কাকতৰ দেওবৰীয়া আলোচনী ‘দেওবাৰ’। সম্পাদক শান্তনু কৌশিক বৰুৱা। তথ্য আৰু মনোৰঞ্জনৰ সুষম সমাহাৰ ঘটাবলৈ প্ৰয়াস কৰা ‘দেওবাৰ’ত সময়ে সময়ে একোটা বিশেষ বিষয়ক কেন্দ্ৰীয় বিষয় (যেনে: ‘অসম’, ‘ৰে’লগাড়ী’, ‘মৃত্যু’, ‘সময়’, ‘বাতৰিকাকত’ আদি) হিচাপে লৈ একোটা সম্পূৰ্ণ সংখ্যা প্ৰকাশ হয়। আলোচনীখনত ধাৰাবাহিকবাৱে প্ৰকাশ হৈ আছে ৰঞ্জু হাজৰিকাৰ আত্মজীৱনী জীৱনৰ ফুল আৰু কাঁইট। তদূপৰি ‘দেওবাৰ’তে প্ৰকাশ হয় জনপ্ৰিয় ছ’চিয়েল নেটৱকিং ছাইট ফেচবুকৰ আধাৰত ৰচিত প্ৰথমখন অসমীয়া উপন্যাস অৰ্চনা বৰঠাকুৰৰ ফেছবুক ডটকম।

বাঁহী:
‘নিয়মীয়া বৰ্তা’ কাকতৰ দেওবৰীয়া আলোচনীখনৰ নাম ‘বাঁহী’। মোহন কাকতিৰ সম্পাদনাত প্ৰকাশিত আলোচনীখনে নতুনত্বৰ কিছু ইংগিত বহন কৰিছে। আলোচনীখনত প্ৰকাশ হৈ আছে মৃত্যুঞ্জয় মহন্তৰ সোণালী পাম শীৰ্ষক এখন ধাৰাবাহিক উপন্যাস।

যোৱা তিনিটা দশকৰ অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণৰ লেখ চালে দেখা যায় যে, অসমত আলোচনী যিমান প্ৰকাশ হৈছে মৃত্যুৰ হাৰ তাতকৈ বেছি। দৰাচলতে আলোচনী এখনৰ প্ৰসাৰৰ বাবে কলা, সাহিত্য, সংবাদ, সংস্কৃতি আদি বিভিন্ন বিষয়ৰ বলিষ্ঠ জ্ঞান থকাৰ উপৰি ব্যৱসায়িক প্ৰৱণতা থকাটো নিতান্তই প্ৰয়োজন। সংখ্যাত নিচেই কম হ’লেও সম্প্ৰতি দুখনমান অসমীয়া আলোচনীয়ে এই দিশত মনোযোগ দিয়াটো শুভ লক্ষণ। অৱশ্যে এইটোও যিক যে কেৱল ব্যৱসায়িক দৃষ্টিকোণেৰে আলোচনীৰ প্ৰসাৰ বঢ়াব নোৱাৰি। আলোচনী এখন প্ৰকাশৰ ক্ষেত্ৰত ব্যৱসায়িক দিশটো প্ৰধান কথা হ’লেও একমাত্ৰ কথা নহয়। আলোচনী এখনক একমাত্ৰ ধন ঘটাৰ আহিলা হিচাপে ল’লে আলোচনীখনৰ গুণগত মান লাঘৱ হোৱা সুৰুঙাই সৰহ। ‘চমকপ্ৰদ উদঘাটন’ৰ (Scoop) মুখৰোচক প্ৰতিবেদন-প্ৰবন্ধৰে চাঞ্চল্যৰ সৃষ্টি কৰা স্বভাৱটোৱে এইবোৰ আলোচনীৰ ‘বাহিৰে ৰংচং’ চৰিত্ৰটো উদঙাই দেখুৱাই সুদূৰপ্ৰসাৰী ক্ষতি কৰিব পাৰে। এইদৰে প্ৰকাশিত কেতবোৰ আলোচনীৰ আৰম্ভণিৰ সংখ্যাবোৰ ‘গৰম কেক’ৰ (Hot Cake) দৰে তপতে তপতে বিক্ৰী হোৱা আৰু পাছলৈ এই ৰংচঙীয়া আলোচনীবোৰৰ ৰং গৈ বিক্ৰী আৰু জনপ্ৰিয়তা অভাৱনীয়ভাৱে কমি যোৱাৰ সম্ভাৱনা আৰু দৃষ্টান্ত ইতিমধ্যে পৰিলক্ষিত হৈছে।
সামাজিক দায়বদ্ধতাক আওকাণ কৰি ৰাজনৈতিক স্বাৰ্থ, ক্ষমতাৰ প্ৰতি লোভ, সামাজিক, প্ৰতিস্থা লাভৰ প্ৰতি হাবিয়াসৰ দৰে স্বাৰ্থক অগ্ৰাধিকাৰ দিলে আলোচনীৰ স্থায়িত্ব ক্ষীণ হৈ পৰিব। ৰাইজৰ আস্থাভাজন হৈ দীৰ্ঘায়ু বা অমৰ হ’বলৈ হ’লে এইবোৰৰ পৰা আঁতৰি থকাই শ্ৰেয় আৰু বাঞ্ছনীয়। তদুপৰি গুণগত মান উন্নত কৰাৰ বাবে এক সুস্থ প্ৰতিযোগিতাত নামি এক নিজস্ব দৰ্শনক আৰ্হি হিচাপে লৈ আলোচনী প্ৰকাশ কৰাৰ প্ৰকাশ কৰাৰ কথা প্ৰকাশকসকলে চিন্তা কৰিব পাৰে। সেইদৰে, আলোচনীবোৰক সাধাৰণীকৰণ নকৰি বা কেৱল ৰাজনৈতিক সংবাদধৰ্মী নকৰি ক্ৰীড়া, শিশু, উদ্যোগ-অৰ্থনীতি, সমাজ, শিক্ষা, সাহিত্য, মহিলা আদি সুকীয়া আৰু সম্পূৰ্ণাংগ আলোচনী প্ৰকাশ কৰাৰ কথাও সংশ্লিষ্ট প্ৰকাশকসকলে গুৰুত্ব সহকাৰে চিন্তা কৰিবৰ হ’ল।
যি কি নহওক, শেষত ইয়াকে ক’ব পাৰি যে অসমীয়া আলোচনীৰ প্ৰসাৰ তথা পৰিবৰ্ধনৰ বাবে বৰ্তমানে প্ৰয়োজন এক বৃহৎ পাঠক সমাজৰ আৰু সেইদৰে প্ৰয়োজন আলোচনীৰ উন্নত বিষয়বস্তু তথা আংগিকৰ প্ৰমূল্যবোধ। লগতে অৱশ্যে এইটো কথাও ঠিক যে আলোচনীসমূহ সঁচা অৰ্থত ভাল হ’বলৈ হ’লে সেইবোৰৰ গুণগত মানে উৎকৃষ্টতাৰ এক ন্যূনতম সীমা স্পৰ্শ কৰিব পাৰিব লাগিব। ইয়াৰ অন্যথা নাই। কিয়নো অসমীয়া আলোচনী হ’ল বুলিয়েই হাতত তুলি লোৱাৰ সাহায়-সমৰ্থন জনোৱাৰ, পৃষ্ঠপোষকতা কৰাৰ দিন আৰু এতিয়া নাই। নতুন কিবা ক’ব লগা থাকিলেহে পাঠকে আলোচনীখন গ্ৰহণ কৰিব। কথাষাৰ শ্ৰুতিকটু যদিও ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা মানসিকতা, দক্ষতা আৰু সাহস, সদ্য প্ৰকাশিত বা প্ৰকাশৰ বাবে সাজু হোৱা আলোচনীবোৰৰ আছে বুলিয়েই আমি বিশ্বাস কৰিছোঁ।

অসমৰ পৰা প্ৰকাশিত আলোচনীৰ তালিকা

৮০-ৰ পৰৱৰ্তী সময়ছোৱাত ডাৱৰৰ ফাকে ফাকে বেলিৰ কিৰণে ভুমুকি মৰাৰ দৰে বহু সংখ্যক আলোচনীয়ে ভুমুকি মাৰিলে আৰু অস্ত গ’ল। ইয়াৰে অধিকাংশ আলোচনীৰেই আয়ুস নিচেই চমু যদিও এইবোৰে সময়ৰ এটা যুগক প্ৰতিনিধিত্ব কৰে; সময়ত হয়তো এইবোৰ বুৰঞ্জীৰো আহিলা হ’বগৈ।

যোৱা তিনিটা দশকত অসমৰ পৰা প্ৰকাশিত সকলো আলোচনীৰ নাম একে ঠাইতে পোৱাৰ কোনো উপায় নাই। তদুপৰি বিভিন্ন সময়ত প্ৰকাশিত বিভিন্নজনৰ সংশ্লিষ্ট ৰচনাতো একেখন আলোচনীৰ প্ৰকাশৰ চন আৰু সম্পাদকৰ নামৰ ক্ষেত্ৰত বিভিন্নতা দেখা যায়। এনে অৱস্থাত মূল আলোচনীখনৰ অবিহনে সেইখন প্ৰকাশৰ সঠিক চন আৰু সম্পাদকৰ নাম নিৰূপন কৰা কঠিন হৈ পৰে ।কিন্তু অসমৰ পৰা বিভিন্ন সময়ত প্ৰকাশিত আলোচনীসমূহ প্ৰথমৰে পৰা ধাৰাবাহিকভাৱে নিয়াৰিকৈ ক’তো পাবলৈ নাই। সেয়ে, আলোচনীসমূহৰ তথ্য সংগ্ৰহৰ ক্ষেতেৰত আমি বহু ক্ষেত্ৰত ইতিমধ্যে এই বিষয়ৰ প্ৰকাশিত ৰচনা আৰু আলোচনীৰ পুৰণা সংখ্যাৰ (যিকেইটা পোৱা গৈছে বা আমি সংগ্ৰহ কৰিব পাৰিছোঁ) ওপৰত নিৰ্ভৰ কৰি সেই অনুসৰি আলোচনী একোখনৰ প্ৰকাশৰ চন আৰু সম্পাদকৰ নাম নিৰূপণ কৰিবলীয়া হৈছে। আলোচনীসমূহৰ আটাইবোৰ সংখ্যা চাবলৈ নোপোৱা হেতু বিভিন্ন উৎসৰ পৰা আলোচনীসমূহৰ নাম সংগ্ৰহ কৰা হৈছে। কিন্তু কেৱল নামটোৰ পৰা সেইখন আলোচনী নে বাতৰি কাকত সেইটো ঠাৱৰ কৰা টান। এনে বিসংগতিও তালিকাত থাকিব পাৰে।

বেলেগ বেলেগ বছৰত প্ৰকাশিত অথচ একে নামৰ (বহু ক্ষেত্ৰত একে সম্পাদকৰ) একাধিক আলোচনীৰ নামো আমি পাইছোঁ। এনে অৱস্থাতো প্ৰথম সংখ্যাটো অবিহনে নিৰ্দিষ্ট আলোচনীখন প্ৰকাশৰ সঠিক চনটো নিৰ্ণয় কৰিব নোৱাৰি।

কেইটামান সংখ্যাৰ পাছতে প্ৰকাশ বন্ধ হোৱা আৰু কেইবা বছৰৰ পাছত পুনৰ প্ৰকাশ হোৱা আলোচনীৰ ক্ষেত্ৰতো প্ৰকাশৰ সঠিক চনটো নিৰূপন কৰাত বিসংগতিয়ে দেখা দিয়ে। তেনে আলোচনীৰ নাম এই তালিকাৰ একাধিক স্থানত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়।

তদুপৰি অসমৰ আলোচনীৰ কোনো সম্পূৰ্ণ তথা শুদ্ধ তালিকাও আমি আৰ্হি হিচাপে ল’বলৈ পোৱা নাই। সময়ে সময়ে বিভিন্নজনে নিজ নিজ ৰচনাত বিভিন্ন সময়ৰ আলোচনীৰ নাম আদি উল্লেখ কৰিছে যদিও সেয়া সম্পূৰ্ণ আৰু প্ৰৰ্যাপ্ত নহয়।

এনেবোৰ কাৰণতে (অসুবিধাতে নহয়) এই তালিকা সম্পূৰ্ণ আৰু শুদ্ধ বুলি ক’বলৈ সাহ হোৱা নাই। বিদ্যা-বুদ্ধিৰ সীমাবদ্ধতাৰ বাবে ক’ৰবাত কেনেবাকৈ কোনোবাখন আলোচনী নাম-তথ্য থাকি যোৱা বা কোনোবাখনৰ কিবা তথ্য ভুলকৈ প্ৰকাশ পোৱা অস্বাভাৱিক নহয়। দৰাচলতে এইখন তালিকাক অসমৰ আলোচনীৰ প্ৰাৰম্ভিক খচৰা-তালিকা ৰূপেহে বিবেচনা কৰিবলৈ সহৃদয় পঠকসকলক অনুৰোধ জনালোঁ। তদুপৰি সুহৃদ পাঠকলৈ আমাৰ এটাই মাত্ৰ বিনম্ৰ অনুৰোধ, তালিকাখনিত পোৱা যিকোনো বিসংগতি, ত্ৰুটি-বিচ্যুতি বা পৰামৰ্শ এটি ফোন কল বা এখন পোষ্টকাৰ্ডৰ মাধ্যমেৰে (C-15 অমৃতকুঞ্জ এপাৰ্টমেণ্ট (চতুৰ্থ মহলা), লখিমীনগৰ (পঞ্জাব নেশ্যনেল বেংকৰ ওচৰত), গণেশগুৰি, গুৱাহাটী ৭৮১০০৫। ফোন: ৯৪৩৫০-৮৯৩৭৫, ৯৭০৭৩-২১৭১৮) আমাক জনাওক, যাতে তালিকাখন সম্পূৰ্ণ আৰু শুদ্ধ কৰি তুলিব পাৰোঁ।

উল্লেখযোগ্য

(১) এই তালিকাখনত ১৯৮১ চনৰ পৰা বৰ্তমানলৈকে অসমৰ পৰা প্ৰকাশিত আলোচনীসমূহৰ নাম সন্নিবিষ্ট কৰা হৈছে।

(২) আলোচনীসমূহৰ নামৰ লগতে নিৰ্দিষ্ট আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদকৰ নামো দিয়া হৈছে। অৱশ্যে কোনো কোনো আলোচনীৰ প্ৰথম সংখ্যাটো সংগ্ৰহ কৰিব নোৱাৰাত পাছৰ সংখ্যা বা আনৰ তথ্যৰ ওপৰত (ইতিমধ্যে প্ৰকাশিত) নিৰ্ভৰ কৰি সম্পাদকৰ নাম দিবলগীয়া হৈছে।

(৩) আলোচনীসমূহৰ প্ৰকাশৰ চনবোৰৰ ক্ষেত্ৰতো অনুৰূপ শৃংখলা অনুসৰণ কৰা হৈছে।

আলোচনীৰ নাম চন সম্পাদক
সাতসৰী ১৯৮১ খগেন্দ্ৰনাথ ভূঞা
বৰ্ণালী ১৯৮১ পূণ্যৰাম নেওগ
উদগীৰণ ১৯৮১ জ্ঞানশংকৰ খাকলাৰী
এন ই প্লেনটেশ্বন নিউজ ১৯৮১-১৯৮২ জগদীশ ফুকন
প্ৰান্তিক ১৯৮১ প্ৰদীপ বৰুৱা
কিশলয় ১৯৮১ ফুল বৰা
নৱ দিগন্ত ১৯৮১ ঈশ্বৰপ্ৰসাদ চৌধুৰী
লোকায়ত ১৯৮১ হোমেন বৰগোহাঞি
কাঁচিয়লি ১৯৮১ লীলাধৰ হাজৰিকা
খ্ৰীষ্টজ্যোতি ১৯৮১ টংকেশ্বৰ বৰুৱা
জোনাক ১৯৮১ নিবেদিতা হাজৰিকা

জিনু গোস্বামী

ঋতায়ণ ১৯৮১ সত্যপ্ৰসাদ কলিতা
আশীৰ্বাদ ১৯৮১ লক্ষ্মীনাৰায়ন বৰ্মন
নৱ-অৰুণোদয় ১৯৮১ দীপক কাকতি
অস্তিত্বৰ চেতনা ১৯৮১ নৱজ্যোতি নাথ
কণ্ঠস্বৰ ১৯৮১ নৃপেন শইকীয়া
অধিকাৰ ১৯৮১
পাণ্ডুলিপি ১৯৮১
ব্যতিক্ৰম ১৯৮১ নলীন কোঁৱৰ
ৰংঘৰ ১৯৮১ শশী ফুকন
বৰ্তমান গণ-আন্দোলন আৰু ছাত্ৰ আন্দোলন ১৯৮১ প্ৰবীণ লহকৰ
জনবাণী ১৯৮১ প্ৰমোদ বৰ্মন
কামৰূপা ১৯৮১ সুৰেশ গোস্বামী
নতুন বাঁহী ১৯৮১ জয়ন্ত ৰংপী
জুনুকা ১৯৮১ নৰেন্দ্ৰ কুমাৰ দাস
ৰ’দালি ১৯৮২ পদুমী গগৈ
সঁফুৰা ১৯৮২-৯৬ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
জাগৰণ ১৯৮২ যুগল কুমাৰ শইকীয়া
সংবাদ-বিচিত্ৰা ১৯৮২ ৰূপহ চলিহা
প্ৰতিধ্বনি ১৯৮২ মৃদুল বৰুৱা
কনষ্ট্ৰাকছন ট্ৰিবিউন ১৯৮২ ডঃ হেমকান্ত বৰুৱা
অভিযান ১৯৮২ বীৰেণ চন্দ্ৰ দাস
সংগম ১৯৮২ শৈলেন দাস, জবিউল আলি
আহ্বান ১৯৮২ মহম্মদ গিয়াছুদ্দিন
প্ৰকাশন ১৯৮২ কুমুদ গোস্বামী
অসম কণ্ঠ ১৯৮২ ডাঃ নেছাৰ আহমেদ
কৰ্ম যুগ ১৯৮২ খগেন বায়ন
দোকমোকালি ১৯৮২ দেৱব্ৰত শৰ্মা
শ্ৰমজীৱী ১৯৮২ অচ্যুত কুমাৰ শৰ্মা
যুগ ১৯৮৩ ডঃ নৱ হাজৰিকা
সেউজী তল ১৯৮৩ আনন্দ শৰ্মা
অৰিন্দম ১৯৮৩ দিলীপ চন্দন শৰ্মা, ভৃংগেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা
কালান্তৰ ১৯৮৩ উৎপল ভূঞা
আজিৰ কবিতা ১৯৮৩ মদন শৰ্মা
অধিকাৰ ১৯৮৩ অনুপ ফুকন
অসমী ১৯৮৩ পৰম শংকৰ দত্ত
অংকুৰ ১৯৮৩ কামেশ্বৰ বৰ্মন
টি ছেট ১৯৮৩ অৰূপ কুমাৰ দত্ত
জনসংস্কৃতি ১৯৮৩ ডঃ জয়ন্ত ৰংপী
আইদেউৰ জোনাকী বাট ১৯৮৩ ৰাজু বৰুৱা, অৰ্পণা মহন্ত
অনাৰু ১৯৮৩ মানৱ কুমাৰ ৰামচিয়াৰী
ভূমিকা ১৯৮৩ শান্তনু তামুলী
খেল-ধেমালী ১৯৮৩ ফণী শৰ্মা
সংযোগ ১৯৮৩ অৰুপ কুমাৰ দত্ত
অভিযাত্ৰী ১৯৮৩ উদ্ভৱ পাঠক
কৃষক বন্ধু ১৯৮৩ প্ৰসন্ন দত্ত
তদন্ত ১৯৮৩ ঘন হাজৰিকা
চিত্ৰজ্যোতি ১৯৮৩ অপূৰ্ব শৰ্মা
প্ৰতীতি ১৯৮৩ নবীন বৰুৱা, প্ৰদীপজ্যোতি মহন্ত
জনশিখা ১৯৮৩ পুতুল কলিতা
মেজাংকৰি ১৯৮৩ শংকৰ কাকতি, অক্ষয় নাথ
জনবিজ্ঞান ১৯৮৩ ডঃ পৰমানন্দ মহন্ত
এনাজৰী ১৯৮৪ ঊষা শইকীয়া
কণ্ঠস্বৰ ১৯৮৪ এম আব্দুল মজিদ খান
দধিচী ১৯৮৪ সুৰজিত গোস্বামী
প্ৰতিধ্বনি ১৯৮৪ ডঃ ভূপেন হাজৰিকা
সীৰলু ১৯৮৪ নৱকান্ত বৰুৱা
সীমান্ত ১৯৮৪ বিশ্বেশ্বৰ হাজৰিকা
জনজাতি ১৯৮৪ লক্ষ্মীনাথ পাংগিং
সমদল ১৯৮৪ মনোৰঞ্জন শৰ্মা
অভিযান ১৯৮৪ জ্ঞানেন চৌধুৰী
ত্ৰিশংকু ১৯৮৪ চৈয়দ আব্দুল মালিক
দূত ১৯৮৪ মতিউৰ ৰহমান
চিত্ৰদূত ১৯৮৪ দিব্যজ্যোতি লহকৰ
মৌচাক ১৯৮৪ শান্তনু তামুলী
শিক্ষা বিকাশ ১৯৮৪ মহিৰুদ্দিন মজুমদাৰ
মণিহাৰ ১৯৮৪ নানু দত্ত
সংঘ বাৰ্তা ১৯৮৪ অসম মহিলা সংঘৰ মুখপত্ৰ
জ্ঞানপীঠ ১৯৮৪ বসন্ত দাস
নিজৰা ১৯৮৪ বিদ্যুত কুমাৰ শৰ্মা
ককাদেউতা ১৯৮৪ দুলাল চন্দ্ৰ বৰঠাকুৰ
পথিক ১৯৮৪ পথিক গোষ্ঠী
প্ৰতিকল্প ১৯৮৪ নন্দলাল সেনগুপ্ত
অনন্য ১৯৮৪ হেমচন্দ্ৰ বৰা
গমুগ ১৯৮৪ খগেন পেগু
লুইতৰ পৰা মিচিচিপি ১৯৮৪ সঞ্জীৱ বৰুৱা
আমি সাতভনী ১৯৮৪ শ্যাম বৰা
ডনগমুছা ১৯৮৪ পি মাৰউইন
অনুপম ১৯৮৪ অনিল কুমাৰ ডেকা
সমলয় ১৯৮৫ জনাৰ্দন মহন্ত, আনন্দ দত্ত
জনজ্যোতি ১৯৮৫
দৃষ্টি ১৯৮৫ ডঃ দীনেশচন্দ্ৰ গোস্বামী
শতৰূপ ১৯৮৫ আভা বৰা
আৱাহন (পুনৰ প্ৰকাশ) ১৯৮৫ দিলীপ কুমাৰ শৰ্মা
প্ৰতিধ্বনি ১৯৮৫ ডঃ ভূপেন হাজৰিকা
অভিমত ১৯৮৫
প্ৰহৰী ১৯৮৫ কমল গগৈ
অপৰূপা ১৯৮৫ ব্ৰজেন বৰুৱা
উত্তৰণ ১৯৮৫
আজিৰ সময় ১৯৮৫ ধ্ৰুৱজ্যোতি বৰা
ফ্ৰণ্টিয়াৰ ছান ১৯৮৫ ৰনবীৰ ৰয়
নৱদূত ১৯৮৫ উমাকান্ত শৰ্মা
সাময়িকী ১৯৮৫ বিধান চন্দ্ৰ দেৱ
ৰসৰাজ ১৯৮৫ মদন চন্দ্ৰ মেধি
ফুল ১৯৮৬ নলিনীপ্ৰভা ডেকা
অনুভূতি ১৯৮৬ আৰতি হাজৰিকা
নিৰিবিলি ১৯৮৬ অমিয় কুমাৰ ভাণ্ডাৰ কায়স্থ
একলব্য ১৯৮৬ অমৰজ্যোতি গগৈ, দেৱব্ৰত শৰ্মা
নতুন প্ৰকাশ ১৯৮৬ কেশৱ হাজৰিকা
প্ৰাংগন ১৯৮৬
আমাৰ এ পি এল ১৯৮৬ ভবেশ বৰুৱা
কণ কণ ১৯৮৬ ৰঞ্জু হাজৰিকা
নদী ১৯৮৬ পুতুল হাজৰিকা
প্ৰতিশ্ৰুতি ১৯৮৬ গুণমনি বৰা
জন অনুভূতি ১৯৮৬ প্ৰবীণ বৰ্মন (মুখ্য সম্পাদক)
আমাৰ প্ৰতিশ্ৰুতি ১৯৮৬ পৱিত্ৰ কুমাৰ নাথ
সঁজাল ১৯৮৬ হিতেন্দ্ৰ কুমাৰ গগৈ, দীপক গগৈ
অনিৰুদ্ধ ১৯৮৬ মুনীন শৰ্মা
ৰূপান্তৰ ১৯৮৬ মুক্তি গগৈ, কন্দৰ্প কুমাৰ বৰবৰুৱা
অভিষেক ১৯৮৬ সুব্ৰত দাস, সুবীৰৰঞ্জন দাস
ঐক্যতান ১৯৮৭ শান্তনু কৌশিক বৰুৱা
ছাত্ৰ প্ৰতিনিধি ১৯৮৭ গোবিন্দমোহন গোস্বামী
জ্ঞানদীপ ১৯৮৭ ছবিৰ হুছেইন
নতুন সীৰলু ১৯৮৭ নৱকান্ত বৰুৱা (মুখ্য সম্পাদক)
ফিৰিঙতি ১৯৮৭ প্ৰভাত চন্দ্ৰ শৰ্মা, মনোৰঞ্জন শৰ্মা
বিজ্ঞান সঁফুৰা ১৯৮৭ কুলৰঞ্জন ডেকা
মইনা ১৯৮৭ ভাগ্যলক্ষ্মী মহন্ত
মুকুতা ১৯৮৭ কুমুদ গোস্বামী
ঋতু ১৯৮৭ ভুৱনেশ্বৰ শৰ্মা
সাতসৰী ১৯৮৭ কমলকুমাৰী বৰুৱা
অনুভুতি ১৯৮৭ নীলিমা শৰ্মা
প্ৰেৰণা ১৯৮৭ নিৰদ দাস, হৰমোহন চহৰীয়া, গোপাল শৰ্মা
জনকল্লোল ১৯৮৭ শুক্লেশ্বৰ মেধি
নাট্যান্দোলন ১৯৮৭ আলি হাইদৰ
ইস্পাতৰ ফুল ১৯৮৭ সবিতা লহকৰ
শ্ৰীময়ী ১৯৮৭ বেণী মাধৱ
প্ৰত্যুষ ১৯৮৭ কেশৱ গগৈ
সময়ৰ কবিতা ১৯৮৭ ৰমেনশইকীয়া
মানস ১৯৮৭ সঞ্জীৱ কুমাৰ বৰকাকতি
সংস্কৃতি পল্লৱ ১৯৮৭ জনাৰ্দন ভূঞা, জগত বৰা
গিৰিজনি ১৯৮৭ ৰমাকান্ত বৰবৰুৱা
সমকাল ১৯৮৭ হোমেন বৰগোহাঞি
নৱপ্ৰভাত ১৯৮৭ বেণুধৰ কলিতা
আটলাণ্টা ১৯৮৭ আজিম হাজৰিকা
সচেতনা ১৯৮৭ গায়ত্ৰী হাজৰিকা
সময় সংহিতা ১৯৮৭ ধ্ৰুৱজ্যোতি বৰা
বলয় ১৯৮৭ ৰিজু হাজৰিকা
বৰপীঠ ১৯৮৭ গণেশ দাস
ইস্তাহাৰ ১৯৮৭ সোণেশ্বৰ পাটোৱাৰী
লুইত ১৯৮৭ অৱনী চক্ৰৱৰ্তী
জিলমিল ১৯৮৭ কুমাৰ দীপক
ধৰিত্ৰী ১৯৮৮ ৰঞ্জুমণি গগৈ
গণকণ্ঠ ১৯৮৮ অশোক দাস
বৰ’নি ৰাফৌদায় ১৯৮৮ সুবুংসা মৌসাহাৰী
নতুন আৱিষ্কাৰ ১৯৮৮ শান্তনু তামুলী
নতুন কবিতা ১৯৮৮ ৰাম গগৈ
মান্দুলী ১৯৮৮ সাৱিত্ৰী গগৈ
খাসিনি ১৯৮৮ গুনেশ্বৰ মৌসাহাৰি
ৰংবিৰং ১৯৮৮ লাৱণ্য গোস্বামী
ৰূপান্তৰ ১৯৮৮ কনক কলিতা
মণিহাৰ ১৯৮৮
জীৱন জেউতি ১৯৮৮ জবিউল জাহাদ্দিৰ
কল্পদ্ৰুম ১৯৮৮ কুমাৰ অনুকূল দাস
দিকপাল ১৯৮৮ এম আব্দুল মজিদ (মু. সা.)
স্বাস্থ্য চিন্তা ১৯৮৮ ডাঃ নগেন দত্ত, শান্তনু তামুলী
অনন্যা ১৯৮৮ মুনীন্দ্ৰ মহন্ত
ঋত্বিক ১৯৮৮ শ্যামাপ্ৰসাদ শৰ্মা
কলম ১৯৮৮ এ আৰ বৰা
ৰিগি-ৰিগাং ১৯৮৮ অমৰেন্দ্ৰ স্বৰ্গীয়াৰী
আকাল ১৯৮৮ ধীৰাজ কুমাৰ ডেকা
সাৰথি ১৯৮৮ জীৱেশ্বৰ দাস
কলিয়া ভোমোৰা ১৯৮৮ উপেন্দ্ৰ বৰকটকী
আজিৰ শিক্ষা সংবাদ ১৯৮৮
অধিনায়ক ১৯৮৯ যোগেশ দাস
মনোহৰা ১৯৮৯ নীলিমা গোস্বামী
প্ৰাচ্য ভাৰতী ১৯৮৯ নগেন গোস্বামী
অৱতাৰ ১৯৮৯ সুমন্ত চলিহা
জনগণ ১৯৮৯
আংতং ১৯৮৯ কুমুদ চন্দ্ৰ ডেকা
সুবাস ১৯৮৯ ববিতা কোঁৱৰ, প্ৰদীপ কুমাৰ মৰাণ
চন্দ্ৰমা ১৯৮৯ উষা ডেকা
চিলাৰায় ১৯৮৯ নিত্যা দত্ত
জ্ঞানকোষ ১৯৮৯ কুমাৰ নিৰঞ্জন
ডেকা অসম ১৯৮৯ ক্ষিতিশ চন্দ্ৰ ফুকন
ত্ৰিনয়ন ১৯৮৯ ৰমেন শইকীয়া
গুণগুণনি ১৯৮৯ আফাতাবুল হুছেইন
অন্তৰংগ ১৯৮৯ সপ্তৰ্ষি
সূৰুজ ১৯৮৯ অশ্বিনী কুমাৰ শৰ্মা (মুঃ সঃ)
জৱাহৰ জেউতি ১৯৮৯ অন্নপূৰ্ণা বৰুৱা
অসম ১৯৮৯ মহেশ্বৰ চুতীয়া
স্বাধীনতা ১৯৮৯ সিদ্ধাৰ্থ ফুকন
গণ কবিতা ১৯৮৯ ধ্ৰুৱ কুমাৰ তালুকদাৰ
মণি-কাঞ্চন ১৯৮৯ সঞ্জীৱ কুমাৰ তালুকদাৰ
সূত্ৰধাৰ ১৯৮৯ হোমেন বৰগোহাঞি
নীলকণ্ঠ ১৯৮৯ ৰাণা আহমেদ বৰা
সংযোগ ১৯৮৯ নিত্যানন্দ বৰা
অন্বেষণ ১৮৯০ বিবেকা হাজৰিকা
আজোকবাৰ্তা ১৮৯০ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী
আধাৰ ১৮৯০ গীতা হাতীকাকতি
সহযাত্ৰী ১৮৯০ জ্যোতিৰেখা হাজৰিকা
গুঞ্জন ১৮৯০ প্ৰেম গগৈ
শাশ্বত ১৮৯০ ৰমেন মেধি
জ্ঞান-বিজ্ঞান ১৮৯০ জ্যোতি ফুকন
জন সৈনিক ১৮৯০ ৰাজকমল
ডেউকা ১৮৯০ দুদুল মণি শৰ্মা
অন্বেষা ১৮৯০ প্ৰশান্ত কুমাৰ চুতিয়া
গুমুৰ ১৮৯০ অখ্ৰাং দৈমাৰী
দখিনপাৰ ১৮৯০ সৰ্বেশ্বৰ মজুমদাৰ
নতুন যুগৰ অগ্নিবান ১৮৯০ সুশীল ৰাজখোৱা
বিকল্প ১৯৯০ ব্ৰজকিশোৰ শইকীয়া
উদাংস্ৰি ১৯৯০ ৰূপনাথ মৌসাহাৰী
মৌ-কোঁহ ১৯৯০ বেদান্ত কুমাৰ বৰা
ৰ’দালী ১৯৯০ পূৰ্ণিমা কোঁৱৰ
ফুলনি ১৯৯০ বুবুল চন্দ্ৰ ডেকা
সংবাদ আৰু সাংবাদিক ১৯৯০ দিলীপ কুমাৰ বৰুৱা
সমন্বয় সংবাদ ১৯৯০ অৰূপ কুমাৰ শৰ্মা
সালংকৃতা ১৯৯০ হিৰণময়ী দত্ত, মাধুৰী কলিতা চৌধুৰী
জোনাক ১৯৯০ হৰেকৃষ্ণ বৰ্মন
ফুলনি ১৯৯০ প্ৰণৱজ্যোতি নেওগ
পষেক ১৯৯০ নীল গোহাঁই
অংগীকাৰ ১৯৯০ অৰুণ বৰুৱা
গুঞ্জন ১৯৯০ প্ৰেম গগৈ
জ্ঞানোদয় ১৯৯০ শৰৎ ৰাজখোৱা
প্ৰৰণা (নৱ-প্ৰেৰণা) ১৯৯০ ৰূপহ চলিহা
সিংহদ্বাৰ ১৯৯০ প্ৰদীপ গগৈ
পূবালী ১৯৯০ বেণী মাধৱ
সূৰ্যমুখী ১৯৯০ গজেন শইকীয়া
নতুন দিন ১৯৯০ মতিউৰ ৰহমান
সুবাসিত সান্নিধ্য ১৯৯০ বন্তিশিখা পাঠক
হেৰিটেজ ১৯৯০ সুকুমাৰ বাগছী
ঊষা ১৯৯০ ৰুণুমী বৰা
অংকুৰণ ১৯৯০ গোপাল চন্দ্ৰ বেজবৰুৱা
আন্দোলন ১৯৯০ কন্দৰ্প শইকীয়া
সাময়িক ১৯৯০ মলয়া খাউণ্ড
অধিকাৰ ১৯৯১ দীপিকা পৰদেশী
কাব্যপ্ৰৱাহ ১৯৯১ জনাৰ্দন মহন্ত
কিশোৰ ১৯৯১-৯২ হোমেন বৰগোহাঞি
সংগীত ১৯৯১ প্ৰতিম নেওগ
ষ্টেটফেড বাতৰি ১৯৯১ জগদীশ বৰুৱা
বিজ্ঞান প্ৰৱাহ ১৯৯১ ডাঃ এ কে জিয়াউদ্দিন আহমেদ
জোৎস্না ১৯৯১ ঘন কান্ত ডেকা
শলিতা ১৯৯১ চণ্ডিচৰণ দাস
আলোচনা ১৯৯১
ন-সতীৰ্থ ১৯৯১ তিলোত্তমা ভূঞা
সমন্বয় বাৰ্তা ১৯৯১ অৰুণ দাস
প্ৰগতি ১৯৯১
কবি সন্মিলন ১৯৯১
কবচ ১৯৯১ প্ৰদীপ চন্দ্ৰ হাজৰিকা
জিজ্ঞাস ১৯৯১ প্ৰদীপ কুমাৰ মেধি
কাকডোঙা ১৯৯১ ফুলেন কুমাৰ বৰা
বেদৱতী ১৯৯১ প্ৰদীপ কুমাৰ শৰ্মা
ছন্দশিল্প ১৯৯১ প্ৰফুল্লপ্ৰাণ মহন্ত
পষেকীয়া মাজুলী ১৯৯১ ৰঞ্জিত কুমাৰ ভূঞা
কিশলয় ১৯৯১ ৰঘুনাথ কাগয়ুং
জ্ঞানজ্যোতি ১৯৯১ ৰাতুল হাজৰিকা
মহুৰা ১৯৯১ বোকাজান লেখিকা সামাৰোহ সমিতিৰ মুখপত্ৰ
আমি ১৯৯১ মঞ্জুলা হাজৰিকা
ই-পি-চি-বি নিউজ লেটাৰ ১৯৯১ মোহিনী কুমাৰ শৰ্মা
চন্দ্ৰ মল্লিকা ১৯৯১ কমল চন্দ্ৰ তালুকদাৰ
পদধ্বনি ১৯৯১ খগেন মেধি
হেঙুল ১৯৯২ গোবিন্দ্ৰ চন্দ্ৰ নাথ
আংলং ১৯৯২ প্ৰদীপ চন্দ্ৰ হাজৰিকা
পানচৈ ১৯৯২ মহেন্দ্ৰ সোণোৱাল নাৰেংগী আঞ্চলিক
সাহিত্য সভাৰ মুখপত্ৰ ১৯৯২ বসন্ত কলিতা
মাজুলী ১৯৯২ দিলীপ দাস
অনিৰ্বান ১৯৯২ পুতুল হাজৰিকা
হামদেৰ আৱাজ ১৯৯২ অমল কুমাৰ হৰ’
অনুবাদ ১৯৯২ কবিন ফুকন (মু. স.)
অংকুৰণ ১৯৯২ প্ৰতাপজ্যোতি বৰা
পাৰিজাত সংবাদ ১৯৯২ কৃষ্ণ বৰগোহাঞি
ন-পথিকৃৎ ১৯৯২ ত্ৰিৰংকু
আমাৰ লেখা ১৯৯২ নতুন সাহিত্য পৰিষদ
সতীৰ্থ ১৯৯২ উপেন্দ্ৰ নাথ শৰ্মা
উন্মেষ ১৯৯২ গৌতমানন্দ গোস্বামী
প্ৰতীক ১৯৯২ বিপিন চন্দ্ৰ ডেকা
পাটকাই ১৯৯২ থানুৰাম ৰাইডিংগীয়া
পথিকৃত ১৯৯৩ তৰুণ কোঁৱৰ
ৰত্নগৰ্ভা ১৯৯৩ নিবাৰণ বৰা
বহ্নিশিখা ১৯৯৩ জয়জ্যোতি গগৈ
শংখধ্বনি ১৯৯৩ বৰ্ণালী বৰা, ডালিমী নাথ
সঁজাল ১৯৯৩ প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত
পুৱতি ১৯৯৩ কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ
কবিতাকাশ ১৯৯৩ আফতাবুল হুছেইন
পখিলা ১৯৯৩ মৃণাল বৰকটকী
চিত্ৰাংগদা ১৯৯৩ গুল পাঠক
গৰীয়সী ১৯৯৩ চন্দ্ৰপ্ৰসাদ শইকীয়া
কথা ১৯৯৩ ৰঞ্জিত কুমাৰ দেৱ গোস্বামী (মুখ্য সম্পাদক), শোণিতবিজয় দাস (সম্পাদক)
পৃথ্বি ১৯৯৩
প্ৰাচীৰ ১৯৯৩ মফিজুৰ ৰহমান
সূৰ্য ১৯৯৩ দীপংকৰ দেৱশৰ্মা
আছাম এমপ্লইমেণ্ট ১৯৯৩ ডি-ডি শৰ্মা
সন্ধানী ১৯৯৩ দিগন্ত কুমাৰ বৰা
নতুন আশা ১৯৯৩ জ্যোতিৰ্ময় হাজৰিকা
স্বৰূপা ১৯৯৩ শশীপ্ৰভা দাস
বিদ্যাৰ্থী ১৯৯৩ ত্ৰৈলোক্য মোহন নাথ
গণপত্ৰিকা ১৯৯৩ গকুল বৰা (মু. স.)
নৱ দৃষ্টি ১৯৯৩ স্মৃতি কুমাৰ সিংহ
নতুন প্ৰৱাহ ১৯৯৩ ভাৰত তামুলী ফুকন
সেউজ চিন্তা ১৯৯৩ অৰুণ চাংকাকতি
উত্তৰ-পূৱ ভাৰতৰ নাৰী ১৯৯৩ মিনেশ্বৰী দৈমাৰী পামেগাম
ঋতুৰ ফুল ১৯৯৩ বীৰেণ ফুকন
ন-পথ ১৯৯৩ গুণকান্ত গগৈ
ফেৰংগাদাও ১৯৯৩ বীৰেণ কাথ হাজৰিকা
লাইপুলীয়া ১৯৯৩ বসন্ত মংগল দত্ত, বিপুল শৰ্মা
পাহাৰী সংবাদ ১৯৯৩ মাণিক দেউৰী
উদীয়মান ১৯৯৩ জিতেন দাস, অনন্ত দাস
ন-শক্তি ১৯৯৩ কুমুদ চন্দ্ৰ তালুকদাৰ
বড়োলেণ্ড ৰাদাব ১৯৯৩ স্বামব্লা বসুমতাৰী
সাৰথি ১৯৯৩ তাজুদ্দিন আহমেদ
আসাম সন্ধান ১৯৯৩ ডি ডি শৰ্মা
বিজয়িনী ১৯৯৩ মঞ্জুৰা বৰবৰা
সমন্বয় ১৯৯৩ বাছা বৰা
সেউজ অনুভূতি ১৯৯৩ প্ৰণামী চুতীয়া
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা ১৯৯৩ প্ৰফুল্ল চন্দ্ৰ বৰুৱা
অসম মাতৃ ১৯৯৩ ৰতিকান্ত বৰা
জনজাগৰণ ১৯৯৩ কমল হায়দৰ
তপোবন ১৯৯৪ ৰাতুল ভাগৱতী
পাঞ্চজন্য ১৯৯৪ ৰমানন্দন বৰা
আগান ১৯৯৪ প্ৰৰাগ কুমাৰ দাস
ফিৰিঙতি ১৯৯৪ অৰুণ মহন্ত
নতুন পৰিচয় ১৯৯৪ যাদৱ বৰা
সংবাদ বিবিধা ১৯৯৪ সুচন্দ্ৰা দাস
লাং চিং ১৯৯৪ ভূপেন দাস
প্ৰতিশ্ৰুতি ১৯৯৪ পংকজ চৌধুৰী
সেউজ সংবাদ ১৯৯৪ আলফ্ৰেড ৰহমান
সোমবাৰ ১৯৯৪ মুকুট শৰ্মা
বিশ্ব ক্ৰীড়াংগন ১৯৯৪ কুমাৰ দাস
জখলা ১৯৯৪ দ্বিজেন দাস
ন-কলাখাৰ ১৯৯৪ বুবুল চন্দ্ৰ ডেকা
কালৰ কথা ১৯৯৪ ভীমসেন সিংহ
আমাৰ খবৰ ১৯৯৪ বিকাশ গোস্বামী
নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ দীপাংক শইকীয়া
হিদায়েৎ ১৯৯৪ কোৰামত আলী
খোজ ১৯৯৪ যোগেন তামুলী
দি নৰ্থ-ইষ্টাৰ্ণ হুজ হু ১৯৯৪ শচীন ফুকন
সূচনা ১৯৯৪ হাৰনুল ৰছিদ
নতুন ধাৰা ১৯৯৪ কণমানি কাকতি
জাননী ১৯৯৪ অৰ্চনা গগৈ
কিশলয় ১৯৯৪ প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা
গণকণ্ঠ ১৯৯৪ জিতেন্দ্ৰ দাস
অধিকাৰ ১৯৯৪ হাফিজ আহমেদ
নৰ্থ-ইষ্ট পিপলছ ১৯৯৪ প্ৰাজনা আনন্দ
ফিৰিঙতি ১৯৯৪
অবিকল ১৯৯৫ সতীশ ভট্টাচাৰ্য
প্ৰৱাহ ১৯৯৫ জ্যোতিষ ভট্টচাৰ্য
পাহাৰী দৰ্পন ১৯৯৫ মণিশংকৰ পুৰকায়স্থ
মহানগৰ ১৯৯৫ অৰূপা বৰুৱা
ই মুখ ১৯৯৫ বাহাৰুল ইছলাম
পূৰ্ণিমা ১৯৯৫ ডঃ পি বিৰমানী
বৰ্তমান ১৯৯৫ প্ৰণয় ৰয়
সুৰভি ১৯৯৫ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৫ সুৰজিত বৰুৱা
প্ৰাচ্যলিপি ১৯৯৫ দীপাংক দাস
শব্দভেদী ১৯৯৫ আফতাবুল হুছেইন
অকণিৰ অগ্ৰদূত ১৯৯৫ ৰমেন শইকীয়া
মইনা ১৯৯৫ অতুল বৰা
স্বৰাজ ১৯৯৫ দুৰ্লভ চন্দ্ৰ মহন্ত
কবিতা ১৯৯৬ শোণিতবিজয় দাস
সুৰভি ১৯৯৬ প্ৰতাপজ্যোতি বৰা
প্ৰত্যয় ১৯৯৮ মনোৰম গগৈ
নতুন পদাতিক ১৯৯৮ ডঃ হীৰেণ গোহাঁই
মায়া ১৯৯৯ পবিত্ৰ মাৰ্ঘেৰিটা
ৰোমাঞ্চ ১৯৯৯ মুকুল কলিতা
প্ৰিয় সখী ২০০০ শশী ফুকন (মুখ্য সম্পাদক), জীমণি চৌধুৰী (সম্পাদক)
নন্দিনী ২০০০ মাইনী মহন্ত
জিলিঙনি ২০০০ প্ৰদীপ কুমাৰ মেধি (অবৈ)
স্বাস্থ্য চৰ্চা ২০০০ ডাঃ আশ্বৰাফুল আলম
হিয়া ২০০০ ৰঞ্জু হাজৰিকা
নাইনথ কলম ২০০১ সৌমেন ভৰতীয়, প্ৰুন বৰ্মন, অভিজিত চক্ৰৱৰ্তী
ৰ’দ কাঁচিয়লি ২০০১ জেহিৰুল হুছেইন
জোনাক ২০০১ প্ৰকাশ শৰ্মা
ৰং ২০০১ মাধুৰ্য মণ্ডিত বৰুৱা
প্ৰান্তশ্ৰী ২০০২ কুমুদ গোস্বামী
অনুভৱ ২০০২ দিপাঞ্জলি নাথ
সঁফুৰা (পুনৰ প্ৰকাশ) ২০০২ ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমেলা ২০০২ অৰুণ ভাগৱতী
সুবাস ২০০২ জোনজ্যোতি দত্তবৰা
শিক্ষা ২০০৩ ইউ কে হৰ্ষবৰ্ধন
খোজ ২০০৩ ৰাজীৱ গগৈ
৩০ দিন ২০০৩ পবিত্ৰ কুমাৰ ডেকা
বান্ধৱ ২০০৩ বিনয় মোহন শইকীয়া (অবৈ)
পাৰিজাত ২০০৩ বাহাৰুদ্দিন শইকীয়া
নিবেদন ২০০৩ অৰিন্দম বৰকটকী
কথা গুৱাহাটী ২০০৪ ৰঞ্জিত কুমাৰ দেৱগোস্বামী (মু. স.), শোণিত বিজয় দাস (স.)
দিগ্ দৰ্শন ২০০৩ পংকজ কুমাৰ দাস
মুহূৰ্ত ২০০৪ প্ৰণৱ কুমাৰ বৰ্মন
চিত্ৰালী ২০০৪ ৰেজেক আলি আহমেদ
নতুন ৰাগিনী ২০০৪ অলকা বৰুৱা
পটভূমি ২০০৪ ৰবীন্দ্ৰ বৰা
অসমীয়া সা ৰে গা মা ২০০৪ পবিত্ৰ মাৰ্ঘেৰিটা
জোনাকী বাট ২০০৪ জুনু বৰা
সাধনা ২০০৪ প্ৰণয় বৰদলৈ
সপ্তৰ্ষি ২০০৪ হিৰণ্যময়ী বৰুৱা
অকণিৰ হঁহি ২০০৪ হিৰণ্যময়ী বৰুৱা
প্ৰিয়ামণি ২০০৪ দিলীপ নাথ
হেঁপাহ ২০০৪ ৰাম হাজৰিকা
জোনাক ২০০৪ গগণ চন্দ্ৰ অধিকাৰী
মাহেকীয়া কেৰিয়াৰ গাইড ২০০৪ প্ৰীতিমা কৌশিক বৰুৱা
ৰংমন ২০০৫ প্ৰণয় বৰদলৈ
স্বাস্থ্য আৰু পৰিচৰ্চা ২০০৫ ডাঃ প্ৰদীপ বৰুৱা
সাতসৰী ২০০৫ হোমেন বৰগোহাঞি
অন্তৰা ২০০৫ জ্যোতিৰেখা হাজৰিকা
আৰক্ষীৰ পৃথিৱী ২০০৬ সুদীপ প্ৰকাশ বৰুৱা
সপৰিবাৰ ২০০৮ হেমচন্দ্ৰ দলে
সমীক্ষণ ২০০৮ জোনজ্যোতি দত্তবৰা
বিচ্চুৰিত বৰ্ণালী ২০০৯
জাৰ্নেলিষ্ট ২০০৯
আধাৰ ২০০৯ ডাঃ বলীন খাৰখৰীয়া (মু. স.) হেমেন শইকীয়া (স.)
পোন্ধৰ ২০১০ অৰুণ দত্ত

 

এইখিনিৰ উপৰি অসমৰ বিভিন্ন দৈনিক/সাদিনীয়া বাতৰিকাকতে ৰঙালী বিহু আৰু দুৰ্গা পূজা উপলক্ষে বৰ্ধিত কলেৱৰৰ সাময়িক আলোচনী প্ৰকাশ কৰে। এনে আলোচনীৰ ভিতৰত ‘অসম বাণী’, ‘জনমভূমি’, ‘সাদিন’, ‘আজিৰ অসম’ আদি কাকতৰ বিহু সংখ্যা; ‘দৈনিক অসম’, ‘অসমীয়া প্ৰতিদিন’, ‘দৈনিক জনমভূমি’, আদি কাকতৰ পূজা সংখ্যা উল্লেখযোগ্য। একেদৰে অসমৰ প্ৰায় কেউখন দৈনিক বাতৰি কাকতে তেওঁলোকৰ দেওবৰীয়া সংখ্যাটোৰ লগত আগবঢ়াই একোখন আলোচনী। তেনে কেইখনমান আলোচনী হ’ল: দেওবাৰ (এদিনৰ সংবাদ), পূৰ্বাচল (আমাৰ অসম), বসুন্ধৰা (দৈনিক জনমভূমি), সম্ভাৰ (অসমীয়া প্ৰতিদিন), ইত্যাদি (জনসাধাৰণ), বাঁহী (নিয়মীয়া বাৰ্তা), দেওবৰীয়া খবৰ (অসমীয়া খবৰ), অনুভূতি (আজিৰ দৈনিক বাতৰি) আদি। এই সকলোৱে অসমৰ আলোচনীৰ ধাৰাটোক সমৃদ্ধ কৰাত প্ৰভূত বৰঙণি যোগাইছে।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close